ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেজেৰে শ্লোগান লিখি কৰিলে প্ৰতিবাদ, VIDEO

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেজেৰে শ্লোগান লিখি কৰিলে প্ৰতিবাদ, VIDEO

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ 'তেজ দিবলৈ আমি প্ৰস্তুত। অসম ৰক্ষা কৰিবলৈ আমি তেজ দিম।' এই ধ্বনিৰে সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ নিদিষ্টকালীন আন্দোলনৰ কাৰ্যসূচী ঘোষণা অনুসৰি বহু ছাত্ৰ-ছাত্ৰীয়ে হাতত মাটি লৈ শপত খাই কয়, বিল গৃহীত হ'লে অসমৰ পৰিস্থিতি ভয়াবহ হ'ব।

প্ৰতিবাদকাৰীসকলে কেবৰ বিৰুদ্ধে শ্লোগান দিয়াৰ সমান্তৰালকৈ বিশ্ববিদ্যালয়ৰ আছুৰ সাংগঠনিক সম্পাদক ইছফাক আলি আহমেদে সোমবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত তেজেৰে 'no cab' বুলি লিখে। উল্লেখ্য যে, সোমবাৰৰ পৰা আছুৱে বিশ্ববিদ্যালয়ৰ ভিতৰত কোনো ৰাজনৈতিক নেতা তথা দলীয় ব্যক্তিক প্ৰৱেশ নিষিদ্ধ কৰে।

এই কার্যসূচীত আছুৰ উপসভাপতি চিত্ৰৰঞ্জন বসুমতাৰী উপস্থিত থাকি কয়, আমি শেষ বিন্দু তেজ থকাৰ লৈ যুঁজি যাম। আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উদ্দীপ জ্যোতি গগৈয়ে বিশ্ববিদ্যালয়খনৰ প্রাক্তন ছাত্ৰ তথা বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক নেতা সৰ্বানন্দ সোণোৱাল, তপন গগৈ, ঋতুপৰ্ণ বৰুৱা, কামাখ্যা প্ৰসাদ তাছাক কঠোৰ ভাষাৰে সমালোচনা কৰে।

এই কার্যসূচীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিড হাজৰিকা, ৰাহুল ছেত্ৰীৰ লগতে আছুৰ শতাধিক সদস্য তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী-উপস্থিত থাকে। সকলোৱে বিভিন্ন শ্লোগানেৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি। যিকোনো বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰিব বুলি ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in