ডিব্ৰুগড়ত মহৰমৰ সমদলৰ নামত ৰাজপথত তাণ্ডৱ চলোৱা আন এজনক আটক…

ডিব্ৰুগড়ত মহৰমৰ সমদলৰ নামত ৰাজপথত তাণ্ডৱ চলোৱা আন এজনক আটক…
  • ডিব্ৰুগড়ত মহৰমৰ তাজিয়া সমদল উলিওৱাৰ নামত ৰাজপথত তাণ্ডৱ সৃষ্টি কৰা আন এজনক আটক।
  • আটক কৰা লোকজনৰ নাম আখতাৰ খান ওৰফে আজাদ খান।
  • ইয়াকে ধৰি এই ঘটনাৰে জড়িত দুজনক আটক কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে।
  • মঙলবাৰৰ দিনা হাতত মাৰণাস্ত্ৰ আৰু তৰোৱাল লৈ ডিব্ৰুগড়ৰ ৰাজপথত তাণ্ডৱ সৃষ্টি কৰিছিল এচাম যুৱকে।
  • এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য।
  • ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণে এই ঘটনাৰে কাকোৱে ৰেহাই দিয়া নহ'ব বুলি মন্তব্য কৰে।
  • ইয়াৰ পূৰ্বে ফুলকান হুছেইন নামৰ আন এজন যুৱকক আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in