আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি ধৰ্মঘট

আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি ধৰ্মঘট

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তন কৰাৰ দাবীত ডিব্ৰুগড়তো অৱস্থান ধৰ্মঘট। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে আজি চৌকিডীঙিত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ।

বিভিন্ন সময়ত সংগঠনটোৱে চৰকাৰক এই দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে। সেয়ে সমগ্ৰ অসমজুৰি সংগঠনটোৱে আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তন কৰাৰ দাবীত সোমবাৰে সমগ্ৰ অসমত ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী।

ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত চৌকিডীঙি চাৰিআলি সমিপত অৱস্থান ধৰ্মঘট কাযসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে সংগঠনটোৱে। লগতে নাগালেণ্ডত যদি ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা কৰিব পাৰে ডিব্ৰুগড়ত কিয় নোৱাৰে বুলিও প্ৰশ্ন তুলিছে সংগঠনটোৱে।

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটতো আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জীতুল ৰাজখোৱা, কাৰ্যনিবাহক সদস্য নলিনী ৰঞ্জন বৰুৱা, দিগন্ত চেতিয়া আৰু পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি আব্দুল হাচিম আৰু সাধাৰণ সম্পাদক নিকুঞ্জ মেধিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in