‘নাচাই বোপাই, সিহঁতে আমাক নাচাই…’, ডিব্ৰুগড়ত কান্দিছে এহাল বৃদ্ধ দম্পতী

‘নাচাই বোপাই, সিহঁতে আমাক নাচাই…’, ডিব্ৰুগড়ত কান্দিছে এহাল বৃদ্ধ দম্পতী

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ শিৱসাগৰৰ ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়া নামৰ দম্পতীহালে মৃত্যুক সাৱটি লোৱা ঘটনাৰ পিছত পিতৃ-মাতৃৰ প্ৰতি সন্তান দায়িত্বশীল হ'ব বুলি ভবা হৈছিল। কিন্তু পুনৰ তেনে এক কৰুণ ঘটনা পোহৰলৈ আহিছে ডিব্ৰুগড়ত।

৩ পুত্ৰ আৰু ৫ কন্যা থকা পাছতো এলাগী হৈছে এহাল ৰুগীয়া পিতৃ-মাতৃ। অতি দুখ লগা অৱস্থাত ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমৰ চৌহদত দুয়োকে উদ্ধাৰ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। ভোলা দাস আৰু নন্দী দাস নামৰ দম্পতীহালক চাকৰিয়াল পুত্ৰ-বোৱাৰীয়ে অৱহেলিত কৰাই নহয়, ঘৰৰ পৰা বাহিৰ কৰি দিছে।

দুগৰাকী ৰুগ্ন শৰীৰে ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ দ্বিতীয় মহলাৰ পকাত পৰি থকা অৱস্থাত হাস্পতাল কৰ্তৃপক্ষই সোধ-পোছ কৰে। তাৰ পিছতেই পোহৰলৈ আহিছে মানৱতাক ভূ-লুন্ঠিত কৰা এই ঘটনা। ভোলা দাস আৰু নন্দী দাসৰ বৰপুত্ৰ দ্বীপেন দাসে মৰাণৰ এটা অইলৰ ডিলিঙত, মাজু পুত্ৰ গণেশ দাসে ৰাঙলী দেওঘৰীয়া অনুসূচিত জাতি প্ৰাথমিক বিদ্যালয়ত আৰু সৰু পুত্ৰ অজিৎ দাসে দেউতাকে গঢ়ি দিয়া চাহ বাগনৰ মালিক হিচাপে জীৱন নিৰ্বাহ কৰি আছে।

ভোলা দাসে একালত দৈনিক মজুৰি কৰি, কেতিয়াবা পাচলি বিক্ৰী কৰি আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত কৰি পুত্ৰ সৱক আৰ্থিকভাৱে স্বচ্চল কৰি তুলিছিল। কিন্তু যেতিয়াৰ পৰা তিনিও পুত্ৰ স্বাবলম্বী হৈ পৰে তেতিয়াৰ পৰা পিতৃ-মাতৃক এলাগী কৰে হৃদয়হীন পুত্ৰ তিনিওজনে।

পিতৃ ভোলা দাসে পাচলি বিক্ৰী কৰি সহধৰ্মিনী সৈতে জোৰা টাপলি মাৰি মৰাণ ৰাঙলীৰ দেওঘৰীয়া গাঁৱৰ এটি জুপুৰি সদৃশ ঘৰত দিন অতিবাহিত কৰিছিল। বয়স বাঢ়ি অহাত জটিল হৈ পৰে তেওঁলোকৰ জীৱন-ধাৰণ। স্নায়ুজনিত ৰোগকে ধৰি কেতবোৰ ৰোগত আক্ৰান্ত হয় পত্নী নন্দী দাস।

কিন্তু ইমানৰ পিছতো হৃদয় নগলিল সন্তান কেইগৰাকীৰ। হাতত দুশ টকা লৈয়ে কালি বাছেৰে আহি সঞ্জীৱনী নাৰ্ছিং হোমত উপস্থিত হয়হি বৃদ্ধ দম্পতীদ্বয়। সঞ্জীৱনী হাস্পতালৰ স্বত্তাধিকাৰ পুলিন চন্দ্ৰ গগৈয়ে দুয়োকে চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ সন্তান কেইজনৰ লগতো যোগাযোগ কৰে।

কিন্তু দুখৰ বিষয় যে, সন্তান কেইগৰাকীয়ে কালি ৰাতিয়েই আহিব বুলি কৈছিল যদিও আজি দুপৰিয়ালৈকে উপস্থিত নহলহি নাৰ্ছিং হোমত। ইপিনে, পূৰ্বৰে পৰা পুত্ৰসকলৰ অমানুষিকতাৰ বিষয়ে আনক ক'লে বা সংবাদ মাধ্যমত মুখ খুলিলে 'কথা বেয়া হব' বুলি কৈ ভাবুকি দি আহিছে বুলিও চকুলো টুকি টুকি আজি আৱেগিক হৈ পৰে ভোলা দাস।

ইপিনে, এনে কৰুণতা বুকুত কঢ়িয়াই লৈ ফুৰা বৃদ্ধ দম্পতীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে সঞ্জীৱনী নাৰ্ছিং হোমৰ স্বতাধিকাৰ পুলিন চন্দ্ৰ গগৈ। উল্লেখযোগ্য যেং পুত্ৰ গণেশ দাস কৰ্মৰত বিদ্যালয়খনৰ বাবে এটা সময়ত মাটিও দান দিছিল পিতৃ ভোলা দাসে। অথচ এনে এগৰাকী দৰদী পিতৃকে এনে এক কৰুণ অৱস্থালৈ ঠেলি দিলে তিনি হৃদয়হীন পুত্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in