ডিব্ৰুগড়ত ‘No Cab’ আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO

ডিব্ৰুগড়ত ‘No Cab’ আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰাজ্যৰ ৰাজপথ উত্তাল কৰিছে হাজাৰ-হাজাৰ লোকে। বিভিন্ন দল-সংগঠনে কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে বিধেয়কখনৰ প্ৰসংগত সাধাৰণ ৰাইজক বুজাবলৈ প্ৰচেষ্টা হাতত লৈছে।

আন আন ঠাইৰ সমান্তৰালকৈ ডিব্ৰুগড়তো আছুৰ লগতে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। বুধবাৰে মাজ নিশা পুনৰ ৰাজপথলৈ ওলাই আহিল আছু নেতৃত্ব। মাজ নিশা আছু নেতৃত্বই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে ৰাজপথৰ প্ৰতিবাদৰ লগতে বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহৰ দেৱালত ডিব্ৰুগড় জিলা আছুৱে ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগতে আছু সদস্যসকলে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ বিজেপি আৰু এজিপি কাৰ্যালয়ত সানিলে ক'লা ৰং।

প্ৰতিবাদকাৰী আছু সদস্যসকলে নামফলকতো সানিলে ক'লা ৰং। উল্লেখ্য যে, বিগত কিছু দিনত ডিব্ৰুগড়ত আছু সদস্যসকলে তীব্ৰতৰ কৰি তুলিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ।

কেইদিনমান পূৰ্বে আছুৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ চৌহদটো প্ৰতিবাদ সাব্যস্ত কৰিছিল। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে আকাশমাৰ্গেৰে ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ যাত্ৰা কৰিবলৈ বাধ্য হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in