ধূপধৰাত অব্যাহত হাতী-মানুহৰ সংঘাত

ধূপধৰাত অব্যাহত হাতী-মানুহৰ সংঘাত

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাৰ ধূপধৰাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ সম্প্ৰতি জিলাখনৰ ধূপধৰা অঞ্চলত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ শনিবাৰে ফুট গধুলিতে ধূপধৰাৰ ডুমাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ পিছতে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই অহা বনৰীয়া হাতীৰ এটা জাকে সেই নিশাই কেবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে৷

জানিব পৰামতে, নিশা ডুমাপাৰা গাঁওখনৰ লগতে নিকটৱৰ্তী বেথেনাপাৰা গাঁওখনত হাতীৰ জাকে কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি তাণ্ডৱ চলায়৷ ধান চাউল খাই তহিলং কৰাৰ উপৰিও হাতীয়ে ঘৰ ভাঙি তাণ্ডৱ চলোৱাৰ ফলত পৰিয়ালকেইটা গৃহহাৰা হ'বলগীয়া হৈছে৷

উল্লেখযোগ্য যে, কালি হাতীয়ে ঘৰ ভাঙি থৈ যোৱা ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী সাংবাদিকো গাঁওখনৰ পথত বনৰীয়া হাতীৰ মুখামুখি হ'বলগীয়া হৈছিল৷ অৱশ্যে সাংবাদিকগৰাকী আন পথেৰে গৈ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল৷ আনফালে অঞ্চলটোত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই পথাৰৰ পকা ধান খাই তহিলং কৰাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকল৷

অঞ্চলটোৰ ৰাইজৰ লগতে কৃষকসকলে দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীৰ উপদ্ৰৱৰ বলি হৈ আহিছে যদিও বন বিভাগে আজিলৈ কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in