ধুবুৰীৰ ৰাজহ চক্ৰ-সহকাৰী বন্দৱস্তি প্ৰাধিকাৰীৰ কাৰ্যালয়ত মাটি নামজাৰি আৰু কিনা-বেচাৰ নামত ব্যাপক দুৰ্নীতি…

ধুবুৰীৰ ৰাজহ চক্ৰ-সহকাৰী বন্দৱস্তি প্ৰাধিকাৰীৰ কাৰ্যালয়ত মাটি নামজাৰি আৰু কিনা-বেচাৰ নামত ব্যাপক দুৰ্নীতি…

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু সহকাৰী বন্দৱস্তি প্ৰাধিকাৰীৰ কাৰ্যালয়ত মাটি নামজাৰি আৰু কিনা-বেচাৰ নামত চৰম দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উঠিছে। নিশাৰ ভিতৰতে কেৱল ধনৰ বিনিময়ত এজনৰ মাটি আনজনৰ নামত নামজাৰি কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। এনেও সময়তে ধুবুৰীৰ গৌৰীপুৰৰ এডোখৰ মাটিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত চলিছে সংঘাত। এনেকি এগৰাকী পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে আনৰ মাটি দখলৰ এক গুৰুতৰ অভিযোগ উঠিছে।

প্ৰাপ্ত তথ্য অনুসৰি ধুবুৰীৰ সহকাৰী বন্দৱস্তী প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ আলমগঞ্জ মৌজাৰ আশাৰীকান্দি গাঁৱৰ ২৯৫ নম্বৰ পট্টাৰ ২২/২৩ আৰু ৮৩ নম্বৰ পট্টাৰ ২৪ নম্বৰ দাগৰ লগতে ৪৪২/১০ নম্বৰ পট্টাৰ ২৬ আৰু ২৭ নম্বৰ দাগৰ প্ৰায় ২১ বিঘা মাটিৰ স্বত্বাধিকাৰী তথা পট্টাদাৰ হৈছে সুমিত শোভাচেৰীয়া আৰু শিল্পা শোভাচেৰীয়া। যদিও মাটিৰ গৰাকীয়ে ইয়াৰে ১৩ বিঘা মাটি ২০১৭ বৰ্ষৰ ২৪ এপ্ৰিলত বিক্ৰী কৰে ফুলকাটাৰী গাঁও পঞ্চায়তৰ সভাপতি চিৰাজুল হকৰ ওচৰত।

ইপিনে মুঠ ২১ বিঘা মাটি বিক্ৰী কৰাৰ পিছত বাকী আঠ বিঘা মাটিত মাটিৰ গৰাকীয়ে প'ল ফেক্টৰীৰে নিজৰ ব্যৱসায় চলাই থাকে। কিন্তু চিৰাজুল হকক ১৩ বিঘা মাটি নামজাৰী কৰি দিয়াৰ সময়ত ভুলবসত মাটিৰ দাগ নম্বৰ ভুলকৈ উল্লেখ কৰা হয়। পিছত পট্টাদাৰ শোভাচেৰীয়াই পুনৰ মাটিখিনি ধুবুৰী চেটেলমেণ্ট কাৰ্য্যালয়ত যোৱা বৰ্ষৰ ১১ নৱেম্বৰত এখন আবেদন দাখিল কৰি দাগ নম্বৰৰ ভুল সংশোধনীৰ দাবী জনায়। সেইমতে, বিভাগীয় কৰ্তৃপক্ষই দুয়ো পক্ষৰ পৰা শুনানি গ্ৰহণ কৰি চলিত বৰ্ষৰ ৪ জানুৱাৰীত উক্ত দাগ নম্বৰৰ ভুল সংশোধনীৰ নিৰ্দেশ দিয়ে।

নিৰ্দেশনা অনুসৰি ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ ফালৰ পৰা ভূমি ডোখৰ জোখ মাখ কৰি পুণৰ শোভাচেৰীয়াৰ নামত সংশোধন কৰি দিয়ে। যদিওঁ চিৰাজুল হক নামৰ পঞ্চায়ত সভাপতি জনে শোভাচেৰীয়াৰ প'ল ফেক্টৰী থকা প্ৰায় আঠ বিঘা মাটি বলপূৰ্বক ভাবে দখল কৰি আছে বুলি অভিযোগ উঠিছে। এই ঘটনাৰ পিছতেই প'ল ফেক্টৰী চোৱা চিতাৰ দায়িত্বত থকা বকুল ঘোষে যোৱা ১৩ জানুৱাৰীত ধুবুৰী জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰি তদন্ত মৰ্মে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

জানিব পৰা মতে, অহা ১৪ ফেব্ৰুৱাৰীত পুণৰ দুয়ো পক্ষৰ মাজত এক শুনানি গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষই। আনহাতে জিলা উপায়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ পূৰ্বে যোৱা বৰ্ষত বকুল ঘোষ নামৰ কৰ্মচাৰী জনে মাটিখিনি দখল কৰাৰ অভিযোগত চিৰাজুল হকৰ বিৰুদ্ধে যোৱা বৰ্ষৰ ১৫ ডিচেম্বৰত গৌৰীপুৰ আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰে। একেদৰে উক্ত মাটিক কেন্দ্ৰ কৰি পঞ্চায়ত সভাপতি চিৰাজুল হকৰ বিৰুদ্ধে পৃথকে পৃথকে চাৰিটাকৈ গোচৰ ৰুজু হৈ আছে গৌৰীপুৰ আৰক্ষী থানাত।

কিন্তু লক্ষণীয় বিষয় যে, ইয়াৰ পিছতো চিৰাজুল হক নামৰ পঞ্চায়ত সভাপতি জনৰ বিৰুদ্ধে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসনে। উল্লেখযোগ্য যে, ১৪ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণৰ পিছতহে স্পষ্ট হ'ব সমগ্ৰ ঘটনা। মন কৰিবলগীয়া বিষয় যে, ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু সহকাৰী বন্দৱস্তি প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত প্ৰতিজন মণ্ডলে দুজন তিনিজনকৈ দালাল পুহি আহিছে। যি দালালৰ জৰিয়তে মণ্ডল আৰু কানন গো সকলে মাটিৰ চৰকাৰী ফাইল পত্ৰ চোৱা চিতা কৰাৰো একপ্ৰকাৰ দায়িত্ব অৰ্পণ কৰে। কাৰ্য্যালয়টোত দালালৰ অ'তপালিৰ বাবেই একাংশই নিজৰ মাটি নিশাৰ ভিতৰতেই হেৰুৱাই হাহাকাৰ কৰিব লগীয়া হৈছে। যদিও এনে বহু অভিযোগ থকাৰ পিছতো কিন্তু ধুবুৰী জিলা উপায়ুক্ত সম্পূৰ্ণৰূপে নীৰৱতা অৱলম্বন কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in