ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী…

ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী…

ডিজিটেল সংবাদ, ধুবুৰীঃ শনিবাৰে ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যলয়ৰ উদ্যোগত ধুবুৰী আৱৰ্ত ভৱন সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত  সাংবাদিক সকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা উপহাৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। শনিবাৰৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানী উপস্থিত থাকি জিলাখনৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলৰ আগত অনুষ্ঠান সন্দৰ্ভত মত বিনিময় কৰাৰ উপৰি মুখ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত উপস্থিত স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলে নিজৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে মত বিনিময় কৰে।কাৰ্যসূচী অনুসৰি জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে জিলাখনৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰদান কৰা উপহাৰ সমূহ বিতৰণ কৰে। এই উপহাৰ সমূহ বিতৰণ অনুষ্ঠানত প্ৰদীপ সাহা, বিজয় শৰ্মা, জ্যোতিৰ্ময় চক্ৰৱৰ্তীকে ধৰি ভালেমান স্বীকৃতিপ্ৰাপ্ত সাংবাদিকে উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in