অৱশেষত মৰ টোপনি ভাগিল ঢকুৱাখনা প্ৰশাসনৰঃ বান সাহায্য আহিল, পশু খাদ্যলৈ এতিয়াও অপেক্ষা…

অৱশেষত মৰ টোপনি ভাগিল ঢকুৱাখনা প্ৰশাসনৰঃ বান সাহায্য আহিল, পশু খাদ্যলৈ এতিয়াও অপেক্ষা…

ডিজিটেল সংবাদ ঢকুৱাখনা: অৱশেষত কলা ঘুমটি ভাগিল ঢকুৱাখনা মহকুমা প্ৰশাসনৰ । বিগত এটা সপ্তাহতকৈ অধিক কাল বানৰ গ্ৰাসত নিমৰ্জিত হৈ সৰ্বশ্ৰান্ত হোৱা  ঘিলামৰাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বালিয়নি গাঁৱৰ  কুৰিটাৰো অধিক পৰিয়ালৰ মাজত শনিবাৰে বান সাহায্য বিতৰণ কৰা হয়।

মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চক্ৰটোৰ বালিয়নি গাঁৱৰ মুঠ ১২ টা পৰিয়ালৰ মাজত চাউল ,দাইল ,মিঠাতেল , টিৰপাল আদি বিতৰণ কৰে।  ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীৰ অনুপস্থিতিত  লাট গাওঁবুঢ়া দিপাঞ্জলি বৰুৱাই  বালিয়নি গাঁৱৰ বানাক্ৰান্ত পৰিয়াল সমূহক বান সাহায্য প্ৰদান কৰে । 

উল্লেখ্য যে, বিগত এটা সপ্তাহৰো অধিক কাল বানৰ গ্ৰাসত নিমৰ্জিত হৈ থকা এইখিনি বানাক্ৰান্তই ভোগ কৰি অহা  জীয়া যন্ত্ৰণা  সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত একক ভাবে ধাৰাবাহিক বাতৰি প্ৰকাশ  কৰি অহা হৈছিল । জনদায়বদ্ধ সাংবাদিকতাৰ দোহাই দি প্ৰচাৰ  কৰা এই  বাতৰিয়ে অৱশেষত কাল ঘুমটি ভাঙিলে মহকুমা প্ৰশাসনৰ।

শনিবাৰে দুপৰীয়া প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰিত খাদ্য সামগ্ৰীসমূহ দুপৰীয়া বিতৰণ কৰিলে লাট গাওঁবুঢ়াই । বিপৰীতে বানাক্ৰান্ত পৰিয়াল সমূহৰ ক্ষুধাতুৰ পশুধনৰ বাবে খুদকণ এটাও বিতৰণ কৰা নাই প্ৰশাসনে । পশু খাদ্য আৱন্তনৰ দোহাই দি পশ্চিম ঘিলামৰা ই লাইব্ৰেৰীত ২৫ টা বেগ পশু খাদ্য মজুত কৰি ৰখা হৈছে যদিও  সেয়া বিতৰণ কৰা হোৱা নাই ৰহস্যজনক ভাবে ।

ফলত পশুকুলৰ মাজত ব্যাপক খাদ্যাভাৱে দেখা দিয়া বুলি বানাক্ৰান্তই অভিযোগ উত্থাপন কৰিছে । তথাপিও অন্ধ মুনিৰ ভূমিকা পালিছে ঢকুৱাখনা মহকুমা প্ৰশাসনে  ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in