বিশিষ্ট চিকিৎসক, সমাজসেৱক ডা° ধীৰেণ বৰকাকতি আৰু নাই....

নগাঁৱৰ বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ধীৰেণ বৰকাকতিৰ আজি কিছু সময় পূৰ্বে দেহাৱসান ঘটে। বিশিষ্ট চিকিৎসকগৰাকী মৃত্যুত এতিয়া সমগ্ৰ নগাঁৱত পৰিছে শোকৰ ছাঁ।

author-image
Asomiya Pratidin
New Update
htyrtedsdsd

ডিজিটেল সংবাদ, নগাঁওঃনগাঁৱৰ বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ধীৰেণ বৰকাকতিৰ আজি কিছু সময় পূৰ্বে দেহাৱসান ঘটে। বিশিষ্ট চিকিৎসকগৰাকী মৃত্যুত এতিয়া সমগ্ৰ নগাঁৱত পৰিছে শোকৰ ছাঁ।জানিব পৰা মতে, ৭০ উৰ্ধ্বৰ বৰকাকতিক অসুস্থ অৱস্থাত নেমকেয়াৰত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু ঘটে।

উল্লেখযোগ্যযে, ডা° বৰকাকতি এজন সৰল আৰু সহৃদয় ব্যক্তি হিচাপে জনাজাত আছিল। চিকিৎসা সেৱাৰ জৰিয়তে দীৰ্ঘদিন ধৰি তেওঁ বহু লোকক সহায় আগবঢ়াই আহিছিল। সমাজমুখী চিন্তা-চৰ্চা আৰু জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰতো তেওঁৰ সক্ৰিয় অংশগ্ৰহণ আছিল। অসম আন্দোলনৰ সৈতেও তেওঁ জড়িত আছিল।

WhatsApp Image 2026-02-26 at 11.21.16 PM

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বেই তেওঁৰ কণিষ্ঠ পুত্ৰ আৰু পত্নীৰ মৃত্যু হৈছিল। এই শোক সামৰি লোৱাৰ সময়তে তেওঁৰ দেহাৱসানত পৰিয়াল তথা শুভাকাংক্ষীসকল শোকাহত হৈ পৰিছে।

বৰ্তমান তেওঁৰ নশ্বৰদেহ নেমকেয়াৰৰ মৰ্গত সংৰক্ষিত আছে। বিদেশত থকা জ্যেষ্ঠ পুত্ৰ উপস্থিত হোৱাৰ পিছতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি পৰিয়ালসূত্ৰে প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুত অনেকেই শোক প্ৰকাশ কৰা দেখা গৈছে।

নগাঁও