ধিঙত হুঁচৰি গোৱা ধনেৰে খানা খাই গুৰুতৰভাৱে অসুস্থ ১৪ শিশুসহ ২ মহিলা

ধিঙত হুঁচৰি গোৱা ধনেৰে খানা খাই গুৰুতৰভাৱে অসুস্থ ১৪ শিশুসহ ২ মহিলা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিঙৰ আঠগাওঁ চাপৰিত বিহু হুঁচৰি গাই খানা খোৱাৰ পিছত দুই মহিলা সহ চৈধ্য জনকৈ শিশু গুৰতৰভাৱে অসুস্থ হৈ পৰে। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে।
উল্লেখ্য যে, দুপৰীয়াৰ ভাগত হুচৰি গোৱাৰ অন্তত এই চৈধ্য জন শিশুৱে পণিৰ আৰু চালানী মাছৰ সৈতে খানা খাইছিল। লগতে খানা খাইছিল দুগৰাকী মহিলায়ো।

খানা খোৱাৰ কিছু সময়ৰ পিছতেই দুই মহিলা সহ চৈধ্যজনকৈ শিশুৰ প্ৰচণ্ড পেটৰ বিষ হোৱাৰ লগতে আৰম্ভ হয় বমি়। খাদ্যত বিষক্ৰিয়া হোৱাৰ পিছতে আটায়ে বমি কৰিবলৈ ধৰাত ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে সকলোৰে। অভিভাৱক সকলে অসুস্থ আটাইকে ততালিকে মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ধিং এফ আৰ ইউত ভৰ্তি কৰায়। টিনা চৌধুৰী, চুমকী চৌধুৰী, দোলা চৌধুৰী, ৰূপম বৰদলৈ, তনময় চৌধুৰী, লুইত কান্ত চৌধুৰী, ৰীতা চৌধুৰী, চুম্পি চৌধুৰী, মমী বৰাকে আদি কৰি মুঠ ১৬ গৰাকীয়ে
পণিৰ আৰু চালানী মাছ খোৱাৰ পিছতেই প্ৰচণ্ড পেটৰ বিষ আৰু বমি হয়।

ইতিমধ্যে অসুস্থ সকলোকে ধিং এফ আৰ ইউত ভৰ্তি কৰোৱাৰ লগতে চিকিৎসকে প্ৰাথমিক চিকিৎসা আৰম্ভ কৰিছে যদিও কেইবাগৰাকী শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in