ধিঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত অত্যাধুনিক ভৱন

ধিঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত অত্যাধুনিক ভৱন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিঙত শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত অত্যাধুনিক ভৱনৰ উদ্ধোধন কৰে। অসম চৰকাৰৰ মৈত্রী আচঁনিৰ অধীনত ১ কোটি ১৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত মূখ্যমন্ত্ৰী গৰাকীয়ে কয় আৰক্ষী আৰু জনসাধাৰণে যৌথ ভাবে মিলি অপৰাধীক নিঃশেষ কৰিব লাগিব ।

সমাজত শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ বন্ধুত্ব গঢ় দিব লাগিব। অসম এতিয়া দোপত দোপে আগবাঢ়ি গৈছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দূৰ্নীতি ভ্ৰষ্টাচাৰ কাৰ্যাকাল ওৰ পৰিল বুলি কৈ সমালোচনা কৰে। সভাত ধিং এক্সপ্রেছ হিমা দাসৰ প্ৰসংশাত প্ৰঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয়।

সভাত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বটদ্ৰৱাৰ সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকা, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস। লগতে উপস্থিত থাকে আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in