ধেমাজিত সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

ধেমাজিত  সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম গাওঁৰক্ষী সংগঠনৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ধেমাজি জিলা গাওঁৰক্ষী বাহিনী সমাজত শান্তি, শৃ্ঙ্খলা প্ৰতিষ্ঠা কৰা অসমৰ বৃহত স্বেচ্ছাসেৱী সংগঠন অসম গাওঁৰক্ষী বাহিনীৰ ৭১সংখ্যক প্ৰতিষ্ঠা দিৱসটি ধেমাজি জিলা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত দেওবাৰে এদিনীয়াকৈ ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত অনুষ্ঠিত হৈ যায়৷

পুৱা ৭ বজাত সামূহিক চাফাই কাৰ্য্যসূচীয়ে শুভাৰম্ভ কৰা পিছতেই মুক্তি যুদ্ধাও ধেমাজি জিলা গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা টঙ্ক বৰাই বৃক্ষ ৰোপন কাৰ্য্যসূচী সমাৰ্পন কৰে ৷ পুৱা ৮ বজাত ধেমাজি জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানৱাটে পাতাকা উত্তোলন কৰা পিছতেই স্মৃতি তৰ্পন কৰে মাছখোৱা আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ সভাপতি অম্বেশ্বৰ দত্ত ফুকনে ৷

দুপৰীয়া বাৰ বজাত অম্বেশ্বৰ দত্ত ফুকনে সাংস্কৃতিক শুভাযাত্ৰা উদ্ধোধন কৰা পিছতেই বিয়লি ১ বজাত ধেমাজি সদৰ থানা সমিতিৰ উপ সভাপতি নন্দেশ্বৰ বৰ গোহাঁইয়ে মুকলি সভাখনি উদ্ধোধন কৰে ৷ ধেমাজি জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনৱাটে সভাপতিত্ব কৰা মুকলি সভা খনিত ধেমাজি জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰে মুখ্য অতিথি হিচাবে উপস্হিত লগতে সভাত বিশিষ্ট অতিথি হিচাবে সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া ,ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষ মুনীন্দ্ৰ নাথ দেউৰী, ধেমাজি জিলা বন বিষয়া চফিকুৰ ৰহমান, জিলা পৰিবহন বিষয়া মুনিৰুদ্দিন আহমেদ, জিলা আৱকাৰী অধীক্ষক শুক্ল চন্দ্ৰ গোস্বামী, ধেমাজি শিশু কল্যান সমিতিৰ সভানেত্ৰী লাৱন্য চুতীয়া, অসৱৰ প্ৰাপ্ত শিশু সংহত উন্নয়ন বিষয়া কুঞ্জবৰাই ৷

ধেমাজি জিলা গাওঁৰক্ষী বাহিনীৰ সংগঠক দিলীপ হাজৰিকাই আতঁধৰা সভা খনত গাওঁ ৰক্ষী বাহিনীৰ বহুকেইটা গুৰুত্ব ৰ্পূন প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷ জিলা খনৰ পঞ্জীয়ন কৰা গাওঁৰক্ষী বাহিনীৰ ৬১৫খন আৰু পঞ্জীয়ন নহোৱা ১৮০ খনৰ সৈতে মুঠ ১২০০ শ ত কৈ অধিক কৰ্মীয়ে উপস্থিত সভা খনৰ সকলোলৈকে ধন্যবাদ জনায় গাওঁ ৰক্ষী বাহিনীৰ উপ সভাপতি মিলন ডেকাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in