ধেমাজিত ৰিমঝিম ফ্লিমচ’ৰ নতুন বোলছবি “তেজ” ৰ প’ষ্টাৰ উন্মোচন…

ধেমাজিত ৰিমঝিম ফ্লিমচ’ৰ নতুন বোলছবি “তেজ” ৰ প’ষ্টাৰ উন্মোচন…

ডিজিটেল সংবাদ, ধেমাজিঃ ৰিমঝিম ফ্লিমচ'ৰ বেনাৰত ইতিমধ্যে "পাগলী" কথা ছবিখনে জনপ্ৰিয়তা লাভ কৰা পিছত দ্বিতীয় বাৰৰ বাবে ৰিমঝিম ফ্লিম'চৰ উদ্যোগত নতুন পূৰ্ণদৈঘ্য অসমীয়া বোলছবি "তেজ" নিৰ্মান কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে ৷ এই উপলক্ষে বুধবাৰে বিয়লি ৪ বজাত ধেমাজি টঙনাপৰা ৰিমঝিম ডেন্স একাডেমিত ছবিখনৰ প'ষ্টাৰ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ আৰম্ভণিতে ছবিখনৰ সহ প্ৰযোজক মনোজ গগৈয়ে সভাৰ আঁতধৰে ৷ ছবিখনৰ অন্যতম সহ প্ৰযোজক তথা গোগামুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক দিগন্ত কুমাৰ কাকতিয়ে এগছি বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভণী কৰা পিছতেই আনুষ্ঠানিক ভাৱে উদ্যোগতা সকলে "তেজ" ছবিখনৰ প'ষ্টাৰ উন্মোচন কৰে ৷

অহা অক্টোৱৰ মাহৰ শেষৰ ফালৰ পৰা ধেমাজি জিলাত শ্বটিংৰ কাম আৰম্ভণি কৰিব লগীয়া অসমীয়া "তেজ" ছবিখনৰ পৰিচালনাত ৰিমঝিম ডেন্স একাডেমিৰ সঞ্চালক ৰূপজ্যোতি বৰা ( বাবা) , ছবিখনৰ কাহিনী- চিত্ৰ নাট্য অজিভিৎ ভট্ৰাচায্যৰ ,কেমেৰাৰ দায়িত্বত আছে সুমন দুৱৰা ,প্ৰযোজনা কৰিব নীপ কোঁৱৰ আৰু ফটিক চুতীয়া ,সহ প্ৰযোজক ক্ৰমে দিগন্ত কুমাৰ কাকতি, মনোজ গগৈ ,ৰূপম গগৈ ,বৰ্নালী গগৈ ডেকাই ৷ ছবিখনৰ পোষ্ট প্ৰডাকচন , সম্পাদনাত অসীম শৰ্মা ,সংগীতত অৰূপ দত্ত আৰু অজয় ফুকনে ,গীতত কন্ঠদান কৰিব জুবিন গাৰ্গ আৰু প্ৰিয়ঙ্কা ভৰালীয়ে ৷ অভিনয়ত আছে অসমৰ ছবিজগৰ একচন ষ্টাৰ প্ৰসেনজিৎ , অৰুণ হাজৰিকা ,নিৰ্মালী বৰা , নীপ কোঁৱৰ ,মনোজ গগৈ,ৰূপম গগৈ , ফটিক চুতীয়া , সংযুক্তা কাকতি , বৰ্ণালী গগৈ ডেকা , আৰু দুগৰাকী নবাগত অভিনেত্ৰীৰ লগতে শিশু চৰিত্ৰত থাকিব মন ময়ূখ ,চাইনা আৰু খুচবুৱে ৷ পৰিচালকে জনোৱা মতে ছবিখনৰ কাৰিকৰী সকলোখিনি দিশ উন্নত প্ৰযুক্তিৰে কৰিবলৈ লোৱা লগতে ছবিখনৰ কাহিনীয়ে নৱপ্ৰজন্মক আৰ্কষিত কৰিব বুলি আশা কৰা হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in