আৰক্ষীক ৫০ হাজাৰ দিব নোৱাৰাৰ বাবেই আত্মহত্যা চিলাপথাৰৰ যুৱকৰ…

আৰক্ষীক ৫০ হাজাৰ দিব নোৱাৰাৰ বাবেই আত্মহত্যা চিলাপথাৰৰ যুৱকৰ…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ অন্তৰ্গত চিলাপথাৰ আৰক্ষী থানাৰ অধীনৰ ২ নং চিলাগাঁৱত মঙ্গলবাৰে এগৰাকী ২৭ বছৰীয়া যুৱকে আৰক্ষীক ৫০ হাজাৰ টকা দিব নোৱাৰাৰ বাবেই আত্মহননৰ পথ বাচি লোৱা ঘটনাই চিলাপথাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ তথ্যমতে চিলাপথাৰ দুই নম্বৰ চিলাগাঁৱৰ প্ৰয়াত দীপেন সোনোৱালৰ পুত্ৰ জীতু সোনোৱাল ওৰফে নিখিলে সোমবাৰে নিশা নিজৰ ঘৰৰ পিছফালৰ বাৰীত চীপ লৈ আত্মহত্যাৰ কৰে ৷

উল্লেখ্য যে যোৱা ১১ আগষ্টত লিকাবালিত অনুষ্ঠিত হোৱা আৰক্ষী কণিষ্টবলৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল যুৱকজনে৷ যুৱকজনৰ অপৰাধ হ'ল তেওঁ দুবাৰকৈ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এবাৰ জিতু আৰু আনবাৰ নিখিল সোনোৱালৰ নামত। পিছে আৰক্ষী কণিষ্টবলৰ চাকৰি সাক্ষাৎকাৰ দিবলৈ গৈ হে ধৰা পৰে যুৱকজনে৷ এই বিষয়টোলৈ সোমবাৰে চিলাপথাৰ আৰক্ষীয়ে থানালৈ মাতি পঠিয়াই যুৱকজনৰ সকলো নথি পত্ৰ জব্দ কৰে।

অৱেশ্যে যুৱকজনৰ পৰিয়ালে দিয়া অভিযোগ অনুসৰি চিলাপথাৰ আৰক্ষী থানাৰ মহেন্দ্ৰ শইকীয়া নামৰ এগৰাকী আৰক্ষী বিষয়াই যুৱকজনক শাস্তিৰ পৰা সাৰিবলৈ হ'লে আৰক্ষী বিষয়াজনক নগদ ৫০ হেজাৰ টকা দিব লাগে বুলি দাবী কৰিছিল৷ পিতৃহীন দৈনিক এমুঠি অন্নৰ বাবে মজুৰি কৰি বিধৱা মাতৃৰ সৈতে চৰম আৰ্থিক সংকটত দিন কটাবলগীয়া হোৱা যুৱকজনে ৫০ হেজাৰ টকা আৰক্ষীয়ে দাবী কৰা বিষয়টো লৈ কিংকৰ্তব্যবিমূঢ় হৈ ধন দিব নোৱাৰি অৱশেষত আত্মহননৰ পথ বাছি ললে যুৱকজনে৷

এই বিষয়টোক লৈ মঙ্গলবাৰে যুৱকজনৰ ২ নং চিলাগাওঁ স্থিত ঘৰৰ সন্মুখৰ পথত অঞ্চলটোৰ ৰাইজ আৰু সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰায় চাৰি শতাধিক কৰ্মীয়ে আৰক্ষী বিষয়াজনে কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই শীঘ্ৰেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত বহু সময় ধৰি পথ অৱৰোধ কৰে ৷

ইফালে মঙ্গলবাৰে বিয়লি চিলাপথাৰ আৰক্ষী থানাত দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ৰশ্মিৰিখা দলে আৰু সম্পাদিকা মানসী ৰাজখোৱাই এজেহাৰ দাখিল কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in