ধেমাজিত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন…

ধেমাজিত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন…

ডিজিটেল সংবাদ, ধেমাজিঃ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন উপলক্ষে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰী লৈকে এমাহ ধৰি হোৱা ধেমাজি পৰিবহন বিভাগৰ জিলা ভিত্তিত কাৰ্য্যসূচীৰ বুধবাৰে ধেমাজি ষ্টেডিয়ামত উদ্ধোধন কৰে ধেমাজি জিলা উন্নয়ন বিষয়া দিপাংকৰ দাসে ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনিৰ পৰিচালনা কৰে ধেমাজি জিলা উন্নয়ন বিষয়া দিপাংকৰ দাসে ৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি জিলা পৰিবহন বিষয়া মনি উদ্দিন আহমেদে৷ উদ্দেশ্য ব্যাখ্যাত পৰিবহন বিষয়া গৰাকীয়ে সমগ্ৰ জিলা খনতে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ জোৰা পালন কৰা লগতে এই পথ সুৰক্ষাই জীৱন ৰক্ষা বুলি উল্লেখ কৰি পৰিবহন বিভাগৰ নীতি নিয়ম সমূহ সকলোৱে ঠিক মতে মানি চলা উপৰিও আজি এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালনৰ জৰিয়তে পৰিবহন বিভাগৰ নিয়ম বোৰ ৰাইজৰ মাজত বহল ভাৱে প্ৰচাৰ কৰিবলৈও সকলোলৈকে অনুৰোধ জনায় ৷

উদ্ধোধনী সভাত অতিথি হিচাপে উপস্থিত থাকি পৰিবহন বিভাগৰ নীতি নিদ্ধেৰ্শনা সমূহ সকলোৱে সঠিক ভাৱে মানি চলি নিজৰ জীৱনটো সুৰক্ষা কৰি ৰাখিবলৈ সকলো ৰাইজলৈকে আহৱান জনাই বক্তব্য প্ৰদান কৰে ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোনোৱাল , ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ , ধেমাজি প্ৰেছ ক্লাৱৰ সাধাৰন সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মা কে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বক্তাই ৷

সভাত উপস্থিত ৰাইজক পৰিবহন বিভাগৰ বিষাই প্ৰত্যেককেই সোঁ হাত খন আগৰলৈ ৰাখি বান- বাহনৰ নিয়ম সমূহ মানি চলিম আৰু আনকো মানি চলিবলৈ পৰামৰ্শ আগবঢ়াই যাম বুলি শপত পাঠ লোৱায় ৷ পিছত ৰাইজৰ সজাগতাৰ বাৱে উপস্থিত ৰাইজ ছাত্ৰ – ছাত্ৰী সকলে হাতে হাতে বেনাৰ পোষ্টাৰ প্লেকাৰ্ড লৈ নগৰ খনৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে এক শুভাযাত্ৰা উলিয়াই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in