ধেমাজিত কোভিড-আগুন্তুক বান সমস্যাক লৈ মন্ত্ৰী ৰণোজ পেগুৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা…

ধেমাজিত কোভিড-আগুন্তুক বান সমস্যাক লৈ মন্ত্ৰী ৰণোজ পেগুৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা…

ডিজিটেল সংবাদ, ধেমাজিঃ ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছ পৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে বিয়লি ৩ বজাত ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা প্ৰশাসন আৰু জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়ববীয়া সকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ এখন পৰ্যলোচনা সভাত অংশ লয়। আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে সকলোকে উদ্দেশ্যি জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলোকে একাগ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনায়। বক্তব্যত তেওঁ ধেমাজি জিলাৰ কোভিড পৰিস্থিতি বৰ্তমানে যথেষ্ট উন্নত বুলি প্ৰকাশ কৰে।

ধেমাজি জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীয়ে মন্ত্ৰী গৰাকীক অৱগত কৰে যে- বৰ্তমানে জিলাখনত প্ৰতি দিনে কোভিড টেষ্ট বহু পৰিমানে কৰা হৈছে আৰু আগন্তুক সময়ত এই টেষ্টৰ পৰিমাণ ৫০০০ জনলৈকে কৰাৰ লক্ষ্য লোৱা হৈছে। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ উদয়ন বৰুৱাই মন্ত্ৰীগৰাকীক জিলাখনৰ ক'ভিড সংক্ৰান্তীয় সকলো খতিয়ান অৱগত কৰে। আনহাতে, সভাখনত মন্ত্ৰীগৰাকীয়ে জনাই যে কাষৰীয়া লখিমপুৰ জিলাত কোভিডৰ আৰ টি পি চি আৰ টেষ্ট কৰাৰ বাবে অতি সোনকালে সাজু কৰা হৈছে, ধেমাজি জিলাও এই ক্ষেত্ৰত লাভৱান হ'ব পাৰিব।

আনহাতে মঙলবাৰে সভাখনত মন্ত্ৰীগৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ পৰা স্বাস্থ্য বিষয়ক আন্তগাঁথনিৰ বিষয়ে আভাস লয়। পৰ্যালোচনা সভাখনতে জিলাখনৰ জলসম্পদ বিভাগৰ অধীনত চলি থকা মথাউৰী সমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ কামৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে জল সম্পদ বিভাগৰ পৰা। জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ পৰা মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জীয়াধলত চলি থকা কামৰ বুজ লৈ অতি সোনকালে এই কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। জীয়াধল অঞ্চলত বানপানীৰ সময়ত হ'ব পৰা ক্ষয় ক্ষতি কম কৰিবৰ বাবে সোঁত সলনিৰে চেনেল বনোৱাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে মন্ত্ৰীগৰাকীয়ে।

জোনাই অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বিষয়ে বুজ লৈ মন্ত্ৰী গৰাকীয়ে৷ অতি শীঘ্ৰে এই ক্ষেত্ৰত কৰণীয়খিনি কৰিবলৈ জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াক নিৰ্দেশো দিয়ে। জিলা প্ৰশাসনক মন্ত্ৰীগৰাকীয়ে আগন্তুক বানপানীৰ সময়ত দিব পৰাকৈ পৰ্যাপ্ত সাহাৰ্য সামগ্ৰী আগতীয়াকৈ মজুত ৰখাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। জিলাখনৰ শিক্ষা বিভাগক মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত চৰকাৰী নীতি অনুসৰি জিলাখনৰ একাংশ বিদ্যালয় একত্ৰীকৰণ কৰা বা ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকসকলৰ সংখ্যাৰ সমতাকৰণৰ পুনৰীক্ষণ কৰাৰ বিষয়েও বিভাগত চিন্তা কৰা হ'ব বুলি জনায়।

ইফালে, কোভিড পৰিস্থিতি উন্নত হ'লে অতি সোনকালে মেধাৱী ছাত্ৰীসকলক চৰকাৰী নীতি মতে দুচকীয়া বাহন প্ৰদান কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। মঙলবাৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত উপায়ুক্তৰ লগতে ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁ , জিলা উন্নয়ন আয়ুক্ত দিপাংকৰ দাস , অতিৰিক্ত উপায়ুক্ত সকলৰ উপৰিও জিলাৰ বিভিন্ন বিভাগৰ মূৰবী বিষয়া সকল উপস্থিত থাকে ৷ সভাখনৰ অন্তত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তা লাভত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কোভিড পৰিস্থিতিৰ আৰু আগুন্তুক বান , গৰাখহনীয়া সমস্যাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষযে বিশেষভাৱে গুৰুত্ব দিয়া উল্লেখ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in