নতুন কৃষক আইন বাতিলৰ দাবীত ধেমাজিত প্ৰতিবাদ…

নতুন কৃষক আইন বাতিলৰ দাবীত ধেমাজিত প্ৰতিবাদ…

ডিজিটেল সংবাদ,ধেমাজিঃ কেন্দ্ৰীয় চৰকাৰে দেশত প্ৰণয়ন কৰা নতুন কৃষক আইন বিল বাতিল কৰা ,EIA ২০২০ বাতিল কৰা, উৎপাদিত খৰছ লগত ডেৰ গুণ কৰি কৃষকৰ উৎপাদন ফচলৰ সমৰ্থন মূল্য ঘোষনা কৰা ,কৃষি ভূমি পুজিঁপতিক গটাই দিয়া চক্ৰান্ত বন্ধ কৰাৰ দাবীত বুধবাৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া উদ্যোগত পুৱা ১১.০০ বজাৰ পৰা বিয়লি ১.০০ বজাৰ লৈকে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি তিনিআলিৰ সমীপত অৱস্হান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ৷

প্ৰায় ডেৰ শতাধিক সংগঠন তিনিটা কৰ্মী সকলে উপস্থিত থকা অৱস্হান ধৰ্মঘট কাৰ্য্যসূচীত প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গ' বেক , বিজেপি চৰকাৰ কাম নাই৷ সৰ্ব্বা , হিমন্ত কাম নাই ইত্যাদি শ্লোগান দিয়ে ৷

অৱস্হান ধৰ্মঘট কাৰ্যসূচীত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ সভাপতি যুগল গগৈ ,সাধাৰন সম্পাদক মন্টু কাদং ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱেন হালৈ , যুটীয়া সম্পাদক দ্বয় পাপু ডেকা আৰু দুৰ্গা বৰা প্ৰমুখ্যে কৰি কেইবা গৰাকীও বিষয়-ববীয়াই বক্তব্যত কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ প্ৰতি লোৱা এনে কাৰ্য্যকৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আৰু সমগ্ৰ দেশ জুৰি বিভিন্ন স্হানত কৃষক সকলে কৰি থকা আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে বুলি উল্লেখ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in