ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ সমগ্ৰ ধেমাজি জিলাখনতেই বুধবাৰে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ধেমাজি, গোগামুখ, চিলাপথাৰ আৰু জোনাইত সংগ্ৰহ কৰা ৰেপিড টেষ্টত বুধবাৰৰ দিনাই ১৬২ গৰাকীৰ লোকৰ কোভিড পজিটিভৰ চিনাক্ত হৈছে৷

ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ কৃষ্ণা কেম্পাইয়ে জনোৱা মতে ধেমাজি নগৰ খনৰ ধেমাজি ক'ৰ্ট ফিল্ড , কাড়িচুক , ধেমাজি জিলা পৰিষদ , ধেমাজি টাউন হাই স্কুল , ধেমাজি নগৰ বুনিয়াদী প্ৰাথমিক বিদ্যালয় ইত্যাদি কৰি গোগামুখ , জোনাই , চিচবৰগাঁৱৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ লগতে জিলাখনৰ ২১টা স্হানত বুধবাৰে একেদিনাই ৩৯০৫ জনৰ ৰেপিড টেষ্টত কৰি ১৬২ জনৰ কোভিড পজিটিভ চিনাক্ত কৰিছে ৷ জিলা খনৰ কভিড পজিটিভৰ সংখ্যা ৯৮০ জনলৈ বৃদ্ধি পাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in