নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ধেমাজিৰ হাবুঙত ৫ শতাধিক গছ পুলি ৰোপন…

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ধেমাজিৰ হাবুঙত ৫ শতাধিক গছ পুলি ৰোপন…

ডিজিটেল সংবাদ, ধেমাজিঃ ভাৰত চৰকাৰৰ অন্যতম সংস্থা নেহৰু যুৱ কেন্দ্ৰৰ ধেমাজি শাখাই ধেমাজি জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে ঐতিহাসিক হাবুঙত ৫ শতাধিক থলুৱা গছৰ ৰোপনৰ এক কাৰ্যসূচী ৰোপায়ণ কৰে ৷ ধেমাজি নেহৰু যুৱ কেন্দ্ৰৰ ক্ষেত্ৰ কৰ্মী জিমলী শইকীয়াই আঁত ধৰা পিছতেই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ধেমাজি জিলাৰ উপায়ুক্ত নৰ সিং পাৱাৰে ৷

গছ পুলি ৰোপনৰ শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি একোটাকৈ গছ পুলি ৰোপন কৰে ধেমাজি ৰাজহ চক্ৰ বিষয়া মন্দিৰা বৰুৱা , অসম চৰকাৰৰ বস্ত্ৰ শিল্প বিভাগৰ যুটীয়া সচিব দিঠকানন্দ হাজৰিকাই ৷ অনুষ্ঠানত নেহৰু যুৱ কেন্দ্ৰৰ স্বচ্ছ গাওঁ, সেউজীয়া গাওঁ কাৰ্যসূচীৰ আধাৰত ঐতিহাসিক হাবুঙত প্ৰায় ৫ শতাধিক থলুৱা গছৰ পুলি ৰোপন কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in