ধেমাজিত জিএছটি সংগ্ৰহৰ নামত কেলেংকাৰীঃ ৫০০ কোটিৰো অধিক ধন আত্মসাৎ কৰি পলায়ন শিবাংগ পালৰ…

ধেমাজিত জিএছটি সংগ্ৰহৰ নামত কেলেংকাৰীঃ ৫০০ কোটিৰো অধিক ধন আত্মসাৎ কৰি পলায়ন শিবাংগ পালৰ…

ডিজিটেল সংবাদ, ধেমাজিঃ চৰকাৰী জি. এছ . টি কৰ সংগ্ৰহৰ নামত শিবাংগ পাল নামৰ এগৰাকী যুৱকে ধেমাজি জিলাখনৰ এশৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ জি.এছ.টিৰ কৰৰ পিন নম্বৰসমূহ অসমৰ বাহিৰৰ ৰাজ্যৰ ব্যৱসায়ী সকলৰ নামত ভুৱাকৈ ব্যৱহাৰ কৰি প্ৰায় ৫ শ কোটিতকৈ অধিক টকাৰ
সংগ্ৰহ কৰি পলায়ন কৰা ঘটনাই ধেমাজিত ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷ ধেমাজিত সংঘটিত হোৱা এনে বিয়াগোম কেলেংকাৰীকলৈ মঙলবাৰে ধেমাজি প্ৰেছ ক্লাৱত ধেমাজি, চিলাপথাৰ , গোগামুখ ,বৰদলনি, জোনাইকে ধৰি জিলাখনৰ বহুকেইগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে সংবাদমেলৰ জৰিয়তে জি. এছ. টিৰ কৰৰ এই বিয়াগোম কেলেংকাৰী বিষয়ে সাংবাদিক সকলক অৱগত কৰে ৷

ক্ষুদ্ৰ ব্যৱসায়ী সকলে সংবাদমেলত জনোৱা অনুসৰি ধেমাজি ক্ষুদ্ৰ ব্যৱসায়ী সকলে চৰকাৰী জি.এছ. টি কৰ প্ৰযোজ্য যোৱা ২০১৭ চনৰ পৰাই ধেমাজি বিক্ৰী কৰ বিভাগৰ নিয়মৰ জৰিয়তে পঞ্জীয়ন কৰি জিএচ টি পিন নম্বৰ উলিয়াই লৈছিল৷ পৰবৰ্তী সময়ত চৰকাৰৰ নিয়মাৱলী অনুসৰি ব্যৱসায়ী সকলে জি.এছ.টিৰ অনলাইন নম্বৰ উলিয়াই একাউণ্টৰ সমূহৰ আইডি আৰু পাছৰ্ৱড সমূহ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ পৰা সংগ্ৰহ কৰি লৈছিল ৷ উল্লেখ্য যে, শিবাংগ পালে ধেমাজি নগৰৰ তিনি আলিৰ মাজমজিয়াতে এটা ব্যক্তিগত জিএচটি কন্টচালটেন্ট কাৰ্য্যালয় খুলি ধেমাজি বিক্ৰীকৰ বিভাগৰ কাৰ্য্যালয়ৰ সৈতে সঘনাই যোগাযোগ ৰাখি ব্যৱসায়ীসকলৰ জি.এছ.টিৰ কৰৰ কাম-কাজ কৰাই আছিল ৷

ধেমাজি ক্ষুদ্ৰ ব্যৱসায়ী সকলে চৰকাৰী কাৰ্য্যালয়ৰ সৈতে সু-সম্পৰ্ক দেখি বিশ্বাসতে শিবাংগ পালক বিগত ২০১৭ চনৰ পিছৰ পৰাই জিএছটিৰ সম্পৰ্কীয় সকলো কাম-কাজ পালক কৰিবলৈ দিয়া লগতে প্ৰতি মাহতেই ব্যৱসায়ী সকলে পালক মাহেকীয়া পাৰিতোষিকো আদায় দি আছিল ৷অৱেশ্যে অতি চালাকী শিবাংগই ২০১৮-১৯ বৰ্ষৰ পৰাহে অতি ৰহস্যজনকভাৱে ধেমাজি বিক্ৰীকৰ বিভাগৰ কাৰ্য্যালয়ৰ সৈতে গোপনে শিবাংগ পালে সম্পৰ্ক ৰাখি ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জি.এছ.টিৰ একাউণ্টসমূহ ইনভইৰ্চ বিল সমূহ পৰৰ্টেলত আপলোড কৰি অৰুণাচলৰ ৰাজ্যৰ ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলৰ প্ৰতিষ্ঠান সমূহক বিক্ৰী কৰিছিল ৷ ফলত ধেমাজি জিলাখনৰ এশৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ নামত বৃহত পৰিমানৰ কৰ ডিমাণ্ড জি.এচ.টি টকা আদায় দিবলৈ গুৱাহাটীৰ বিক্ৰীকৰ মুখ্য কাৰ্য্যালয়ৰ পৰা অলপতে ব্যৱসায়ীসকললৈ জাননী অহাতে ব্যৱসায়ী সকলে ঘটনাৰ সম্পৰ্কে অৱগত হয় ৷

মঙলবাৰে সংবাদমেলত ব্যৱসায়ীসকলে জনোৱা অনুসৰি ক্ষুদ্ৰ ব্যৱসায়ী বি. ডি এন্টাপ্ৰাইজ ভূৰাম দত্তৰ নামত ৩ কোটি ৬৬ লাখ ৭১ হেজাৰ ৫ শ ৬৮ টকা, কল্যানী এন্টাপ্ৰাইজ মনোজ দাসৰ নামত ৪৫ লাখ ৫৯ হেজাৰ ৪ শ ৮ টকাৰ ৮৮ পইচা, এম/এচ জে. এন ইণ্ডাষ্ট্ৰী মুহিন ফুকনৰ নামত ৩ কোটি ৩৮ লাখ ৮৮ হেজাৰ ৩৩ টকা ৭০ পইচা , ফনীধৰ বৰশইকীয়াৰ নামত ৬কোটি ৯০ লাখ ৩১ হেজাৰ ৩ শ ৮৮ টকাৰ ৭১ পইচা , এম/এচ. টি. কে এন্টাপ্ৰাইজ কেশৱ টায়ে নামত ১ কোটি ৪০ লাখ টকা , এচ. জি হাৰ্ডৱে ৰঞ্জন গগৈৰ নামত ১কোটি ৪৫ লাখ ৪০ হেজাৰ ৫ শ ২৯ টকা ,হাজৰিকা এন্টাপ্ৰাইজ ভক্ত হাজৰিকাৰ নামত ২ কোটি ৫০ লাখ টকাৰ ,গান্ধী এন্টাপ্ৰাইজ চিলাপথাৰ ৰাজেশ গান্ধীৰ নামত ২ কোটি ৫৭ লাখ ৬৩ হেজাৰ ৯ শ ৩৮ টকাৰ ৫০ পইচা , চন্দ্ৰমনি হাজৰিকাৰ নামত ৫ লাখ ৪ হেজাৰ ৫ শ ৭১ টকাৰ ৯৮ পইচাৰ সৈতে মুঠ ১৪ কোটি ৪৬ লাখ ৫৪ হেজাৰ ৯ শ ৭১ টকাৰ ২৭ পইচা কৰ দিয়া বাবে চৰকাৰৰ জাননী আহিছে যদিও জিলাখনৰ প্ৰায় এশজনৰো অধিকলোকৰ জি.এচ. টিৰ পিন নম্বৰ কৰি প্ৰায় পাচঁশ কোটিতকৈ অধিক টকাৰ সংগ্ৰহ কৰি পলায়ন কৰিছে উল্লেখ কৰিছে ৷

ব্যৱসায়ীসকলে ইতিমধ্যে জিলাখনৰ ধেমাজি, চিলাপথাৰ , গোগামুখ , জোনাইকে ধৰি ব্যৱসায়ী সকলৰ সমীপৰ সকলো আৰক্ষী থানাতে গোচৰ ৰোজুৰ কৰি শিবাংগ পালক গ্ৰেপ্তাৰ কৰিবলৈ এজেহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে পলাক শিবাংগ পালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ মঙ্গলবাৰে ব্যৱসায়ী সকলে সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি ধুৰন্ধৰ শিবাংগ পালক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ সৰু সুৰা ব্যৱসায় কৰি নিজৰ পৰিয়ালটো কোনোমতে পোহপাল দি অহা ব্যৱসায় সকললৈ বিভাগৰ পৰা এনে জাননী অহাত তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ আনফালে , ধেমাজিৰ ব্যৱসায়ী সকলৰ টকাৰে ধুৰন্ধৰ শিবাংগ পালে পলায়ন কৰি গৈ পশ্চিমবংশত বৃহত অট্ৰালিকা বনাই ব্যৱসায় আৰম্ভ কৰিছে বুলিও সংবাদমেলত অৱগত কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in