ভোটাৰ তালিকাত নাম অন্তভূক্তকৰনক ব্যাপক তৎপৰতা ধেমাজি জিলা প্ৰশাসনৰ…

ভোটাৰ তালিকাত নাম অন্তভূক্তকৰনক ব্যাপক তৎপৰতা ধেমাজি জিলা প্ৰশাসনৰ…

ডিজিটেল সংবাদ ,ধেমাজি : ধেমাজি জিলা প্ৰশাসনে এইবাৰ জিলাখনত নতুন ভোটাৰ অন্তভুক্তিকৰনক লৈ সজাগতাৰ উদ্দেশ্য বিভিন্ন ধৰনৰ কাৰ্য্যসূচীৰে নতুন ভোটাৰক তালিকাত সন্নিৱিষ্ট কৰাৰ প্ৰচেষ্টাৰ লোৱা দেখা গৈছে ৷

এই উদ্দেশ্য বৃহস্পতিবাৰে ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰ সিং পৱাৰৰ পৰিচালনাত এখনি সভাগতা সভা অনুষ্ঠিত হয় ৷ ধেমাজি মহকুমাৰ নিৰ্বাচনী বিষয়া স্বৰাজ ভাৰত লাগাছুয়ে উদ্দেশ্য ব্যাখ্যা কৰে ৷ উদ্দেশ্য ব্যাখাত নিৰ্বাচনী বিষয়া গৰাকীয়ে আগুুন্তক এইবাৰ অসম বিধান সভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত সমষ্টিটোৰ ভোটাৰ তালিকাৰ কাম কাজও দুৰ্তগতিৰে আগবঢ়াই নিয়া হৈছে বুলি উল্লেখ কৰে ৷

সভাগতা সভাত উপায়ুক্ত নৰ সিং পৱাৰে বিগত মাহৰ ১৮ নৱেম্বৰত ভোটাৰ তালিকাৰ খচৰা ইতিমধ্যে প্ৰকাশ কৰা হৈছে বুলি উল্লেখ কৰি বিগত বৰ্ষত থকা ২৮১ টা ভোট গ্ৰহন কেন্দ্ৰৰ বিপৰীতে এই বাৰ কভিডৰ পৰিপেক্ষিতত ৩৫৬ টা লৈ ভোট গ্ৰহন কেন্দ্ৰ বৃদ্ধি কৰা হৈছে জনোৱা লগতে তালিকাত নাম সন্নিৱিষ্ট কৰাৰ বাবে অন্যান্য সকলৰ লগতে দিবাংগ লোক সকলেও যাতে কোনো কাৰনতে বঞ্চিত নহয় তাৰ বাবেও বিশেষ ভাবে তৎপৰতা লোৱা হৈছে বুলি উল্লেখ কৰে ৷

তাৰ উপৰিও কোনো কাৰনতে একো অসুবিধা সৃষ্টিৰ নহয় সেইয়ে সমষ্টিটোৰ ২৮১ গৰাকী বি এল অ সকলক বুড লেভেল পৰ্য্যায়ত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে , ইয়াৰ উপৰিও বি .এল.অ সকলক চোবা চিতা পৰাৰ বাবে ২৩ গকাকী চোপাৰভাইজা আৰু ২০ গৰাকী এ.আৰ .অ ইতিমধ্যে নিয়োগ কৰা কৰা হৈছে ৷


ভোটাৰ তালিকাত অন্তভূক্তকৰনৰ ক্ষেত্ৰত অহা ১ জানুৱাৰী ২০২১ চনৰ ভিতৰত ১৮ বছৰ হোৱা লোক সকলক সজাগ হৈ নিজৰ ভোট দানৰ অধিকাৰ গ্ৰহন কৰিবলৈ উপায়ুক্তই সকলোলৈকে আহৱান জনাইছে ৷ নিৰ্বাচনীৰ নিৰ্য়মাৱলীৰ বিধি ৬,৭ আৰু ৮ নম্বৰ ফৰ্মত অন্তভুৰ্ক্ত , স্হানান্তকৰন ইত্যাদি ক্ষেত্ৰত যি সকলে বুজি পোৱা অসুবিধা অনুভৱ কৰে তেনে লোক সকলক বিশেষ ভাবে শিকিওৱা ব্যৱস্থা কৰা হৈছে বুলিও উপায়ুক্তই জনায় ৷

ইফালে সজাগতাৰ সভাত উপস্থিত থকা জিলা উন্নয়ন আয়ুক্ত দিপাংকৰ দাস আৰু নিৰ্বাচনী বিষয়া স্বৰাজ ভাৰত লাগাছুৱে সমষ্টিৰ যি কোনো লোকে নিৰ্বাচনীৰ সম্পৰ্কে জানিব বিচাৰিলে ট্ৰল ফী নম্বৰ " ১৯৫০ " যোগেদি যোগাযোগ কৰিবলৈ সমষ্টি বাসীৰ সকলোলৈকে অনুৰোধ জনাইছে ৷

ইতিপূৰ্বে প্ৰকাশিত খচৰাৰ মতে ১১৩ নম্বৰ ধেমাজি বিধান সভাৰ সমষ্টিত ২ লাখ ৪০ হেজাৰ ৫ ১৫ গৰাকী ভোটাৰ হোৱাৰ লগতে ইয়াৰে পুৰুষ ভোটা ১১৮৫৬০ গৰাকী আৰু মহিলা ভোটাৰ ১২১,৯৫৫ গৰাকী হোৱা উপৰিও অতিক্ষিপ্ৰতাৰে ভোটাৰ তালিকাৰ কাম ইতিমধ্যে আগুৱাই নিছে বুলি দুয়ো গৰাকী য়ে অৱগত কৰে ৷ ইয়াৰ অংশ হিচাপে অহা ৯ আৰু ১১ ডিচেম্বৰত জিলা সমাজ কল্যান বিভাগৰ জৰিয়তে ধেমাজি গ্ৰামোন্নয়ন অভিকৰনৰ কাৰ্য্যালয়ৰ সভাকক্ষত দিবাংগ সকলক লৈ এখনি সজাগতা সভা আয়োজন কৰা বুলিও জানিবলৈ দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in