ধেমাজিত কোৰোনাৰ গণসংক্ৰমণ…

ধেমাজিত কোৰোনাৰ গণসংক্ৰমণ…

ডিজিটেল সংবাদ ,ধেমাজিঃ শনিবাৰে ধেমাজিত পুনৰ ৩৭ জন লোকৰ শৰীৰত ধৰা পৰে কোভিড-১৯ উপস্থিতি ৷ স্বাস্হ্য বিভাগৰ পৰা জানিব পৰা মতে শনিবাৰে চিনাক্ত হোৱা কোভিড আক্ৰান্ত কেইজনৰ ভিতৰত ধেমাজি সদৰৰ তিনিজন ,চিলাপথাৰৰ ৩২জন আৰু গোগামুখৰ ২জনৰ সৈতে মুঠ ৩৭ জনৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ্য যে শুকুৰবাৰে ৩৪ জনৰ দেহত ধৰা পৰিছিল কোৰোনাৰ উপস্থিতি।

আৰু ইয়াৰ সৈতে ধেমাজি জিলাত কোভিড-১৯ পজিটিভৰ সংখ্যা মুঠ ৫৪৩ জনলৈ লৈ বৃদ্ধি পালে ৷আনহাতে ৩৭১ জন লোক সুস্থ হোৱাৰ বিপৰীতে ১৭২ জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in