ধেমাজি বানিজ্য মহাবিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ দায়িত্বকলৈ টনা-আঁজোৰা…

ডিজিটেল সংবাদ , ধেমাজি: ধেমাজি বানিজ্য মহাবিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষক পদক লৈ মহাবিদ্যালয়খনৰ দুই সহযোগী অধ্যাপকৰ মাজত হোৱা ব্যাপক প্ৰতিদ্বন্দ্বিতাৰ যুদ্ধই মহবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা দিশে গতি কৰিছে ৷

উল্লেখ্য যে ২০১৪ চনতেই মহাবিদ্যালয়খনৰ প্ৰতিস্থাপত অধ্যক্ষ শৰৎ বৰা মৃত্যু হোৱা পিছৰ পৰাই আজি পৰ্যন্ত
মহাবিদ্যালয়খনত স্থায়ী অধ্যক্ষ নিযুক্তি নিদিয়া ফলত বছৰ বছৰ ধৰি মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহযোগী অধ্যাপক সকলে ইজনৰ পিছত সি জনে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপেই কাৰ্যনিৰ্বাহ কৰি আহিছে ৷

উল্লেখনীয় যে চলিত বৰ্ষৰ ৩০ এপ্ৰিলত লৈকে মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহযোগী অধ্যাপক দেৱ চুতীয়াই ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপেই কাৰ্য নিৰ্বাহ কৰি চাকৰি কাৰ্যকাল অন্ত পেলায় ৷ তদানীন্তন ভাৰপ্ৰাপ্ত দায়িত্বত থকা দেৱ চুতীয়াই অৱসৰ গ্ৰহনৰ কিছুদিনৰ পিছতেই মহাবিদ্যালয় পৰিচালনা সমিতিয়ে জ্যেষ্ঠতা ভিত্তিত শুদ্ধকৈ নিৰ্বাচন নকৰি ময়তালি ভাৱে মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক বীৰেন চন্দ্ৰ কোৱঁৰকে জ্যেষ্ঠ হিচাপে নিৰ্বাচন কৰি উচ্চ শিক্ষা বিভাগৰ উৰ্দ্ধতম কৃতিপক্ষলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে পৰিচালনা সমিতিয়ে প্ৰস্তাৱ প্ৰেৰণৰ পিচতেই সহযোগী অধ্যাপক বীৰেন চন্দ্ৰ কোঁৱৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷

আনফালে মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক খগেন কছাৰীয়ে বীৰেন চন্দ্ৰ কোঁৱৰত কৈ তেওঁ জ্যেষ্ঠ হোৱা লগতে কছাৰীক অন্যায়ভাৱে জ্যেষ্ঠতাৰ তালিকাৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰি মহাবিদ্যালয়ৰ পৰিচালানা সমিতি , সহযোগী অধ্যাপক বীৰেন চন্দ্ৰ কোঁৱৰ ,অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক আৰু আয়ুক্তও সচিবৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰ দিয়ে ৷

চলিত মাহৰ ১০ জুনত wp(c)/3856/2022 নম্বৰ গোচৰৰ জড়িতে উচ্চ ন্যায়ালয়ে এক নিদ্দেশ যোগে গোচৰীয়া খগেন কছাৰীয়ে জ্যেষ্ঠ বুলি উল্লেখ কৰা লগতে ন্যায়ালয়ে ভবিষ্যতে আদেশ নিদিয়া পৰ্যন্ত স্থগিতকৰণ কৰি
ফৈয়াদী পক্ষকক ছয় সপ্তাহতৰ ভিতৰত ইয়াৰ যথোপযুক্ত কাৰন দেখুৱাবলৈ ন্যায়ালয়ে আদেশ জাৰি কৰিছে ৷


স্মতৰ্ৱ্যযে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে ন্যায়ালয়ৰ আদেশ পোৱা পিছতেই ততাতৈয়াকৈ মঙ্গলবাৰে মহাবিদ্যালয়ত পৰিচালনা সমিতিৰ সভাপতি ড°কমল গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাই মঙ্গলবাৰৰ পৰাই ভাৰপ্ৰাপ্ত দায়িত্বত থকা অধ্যক্ষ বীৰেন চন্দ্ৰ কোঁৱৰক ইতিমধ্যে আতঁৰাই দিবলৈ বাধ্য হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰিব পাৰি যে ২০১৬ চনতো মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অধ্যক্ষ ইন্টাভিউলৈ তদানীন্তন ড° ৰাজেন তামুলী নেতৃত্বাধীন মহাবিদ্যালয় পৰিচালানা সমিতিখনে খেয়ালখুচি মতে মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ড° শংকৰ পাটোৱাৰীক অধ্যক্ষ ইন্টাভিউলৈ নমতা বাবেই অধ্যাপক ড° শংকৰ পাটোৱাৰীৱে পৰিচালানা সমিতিক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত পৰিচালানা বিৰুদ্ধে দিয়া গোচৰ বৰ্তমানেও চলি আছে ।

একেদৰেই ভূতৰ ওপৰত দানৱ পৰা দৰে এইবাৰো পৰিচালনা সমিতিয়ে জ্যেষ্ঠতা ভিত্তিত শুদ্ধকৈ নিৰ্বাচন নকৰা বাবেই পুনৰ মহাবিদ্যালয়খনৰ আন এজন অধ্যাপকে গোচৰ দিব লগা অৱস্থা হ'ল । ধেমাজি বানিজ্য মহাবিদ্যালয়ত কেৱল মাত্ৰ পৰিচালনা সমিতি সমূহৰ ময়মতালি কাৰ্য-কলাপৰ হস্তক্ষেপৰ বাবেই মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে বাৰম্বাৰ ভূগিব লগা হৈছে ৷

এনেধৰণৰে ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনক হেতালি খেলা মহাবিদ্যালয় পৰিচালানা সমিতি সমূহৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহন কৰে সময়লৈ অপেক্ষা কৰিব লাগিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in