“কা” বিৰোধী প্ৰতিবাদকাৰীক বিজেপি নেতা-কৰ্মীয়ে প্ৰহাৰ কৰা প্ৰতিবাদত ২৪ ঘন্টীয়া ধেমাজি জিলা বন্ধৰ সবাৰ্ত্মক প্ৰভাৱ…

“কা” বিৰোধী প্ৰতিবাদকাৰীক  বিজেপি নেতা-কৰ্মীয়ে প্ৰহাৰ কৰা প্ৰতিবাদত ২৪ ঘন্টীয়া ধেমাজি জিলা বন্ধৰ  সবাৰ্ত্মক প্ৰভাৱ…

ডিজিটেল সংবাদ, ধেমাজিঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ছয় গৰাকী কৰ্মী আৰু তিনি গৰাকী মহিলাক যোৱা ২৯ ফেব্ৰুৱাৰীত উত্তৰ ধেমাজিত বিজেপিৰ নেতা কৰ্মীয়ে আক্ৰমণ কৰা প্ৰতিবাদত আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ২৪ ঘন্টীয়া ধেমাজি জিলা বন্ধৰ প্ৰভাৱ জিলাখনত সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয় ৷

পুৱাৰ ভাগতে বন্ধ সৰ্মথন কাৰী সকলে ঠাইয়ে ঠাইয়ে টায়াৰ জ্বলাই অঃজাঃযুঃছাঃপঃ ৰ সদস্যক আক্ৰমণ কৰা বিজেপিৰ কৰ্মী সকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে যদিও আৰক্ষীয়ে এতিয়ালৈকে এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে বন্ধৰ সময়চোৱাত চৰকাৰী অফিচ , শিক্ষানুষ্ঠান, যানবাহন বন্ধ সম্পূৰ্ণৰূপে ব্ন্ধ হৈ পৰা দেখা যায় ৷

তাৎপৰ্যপূৰ্ণ যে আৰক্ষীয়ে আক্ৰমণ কাৰীসকলক গ্ৰেপ্তাৰ কৰা বিপৰীতে বন্ধ সৰ্মথন কাৰী অঃজাঃযুঃছাঃপঃ ৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা ,সম্পাদক বিঞ্চু শৰ্মা আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিবাহক ৰাতুল বৰগোঁহাই লৈ সুকীয়া সুকীয়াকৈ আইনী জানী (Legal notice) প্ৰেৰন কৰি বন্ধ সময়চোৱাত অঘটন ঘটিলে ইয়াৰ বাৱে দায়ী হব লাগিব বুলি জাননী যোগে অবগত কৰাৰ উপৰিও অঃজাঃযুঃছাঃপঃ ৰ জিলা,মহকুমাৰ কাৰ্য্যালয় সমূহত পুৱাৰে আৰক্ষী ,চি আৰ পিৰ জোৱান সকলে ঘেৰাও কৰি ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in