ধেমাজি জিলাত নিৰ্ধাৰিত মূল্য কৃষকৰ ধান ক্ৰয় সন্দৰ্ভত বিভিন্ন পঞ্চায়ত সজাগতা সভা…

ধেমাজি জিলাত নিৰ্ধাৰিত মূল্য কৃষকৰ ধান ক্ৰয় সন্দৰ্ভত বিভিন্ন পঞ্চায়ত সজাগতা সভা…

ডিজিটেল সংবাদ, জোনাই: ধেমাজি জিলাৰ বিভিন্ন পঞ্চায়ত জিলা কৃষি বিভাগৰ উদ্যোগত নিৰ্ধাৰিত মূল্যত কৃষকৰ ধন ক্ৰয় সন্দৰ্ভত সজাগতা সভা আৰু কৃষকৰ নাম পঞ্জীয়ন শিবিৰ অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, খাৰিফ ধান চিজন- ২০২১-২২ৰ নিয়মাৱলী মতে ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত মূল্য আৰু গুণগত মানদণ্ড সাপেক্ষে ধান ক্ৰয় অভিযান ধেমাজি জিলাটো আৰম্ভ কৰিছে। ধেমাজি জিলাত ধেমাজি জিলাৰ কৃষি বিভাগৰ উদ্যোগত চাৰিটা প্ৰতিষ্ঠানে জিলাখনৰ এঘাৰটা ধান ক্ৰয় কেন্দ্ৰত কৃষকৰ পৰা নিৰ্ধাৰিত মূল্য অৰ্থাৎ প্ৰতি কুইণ্টলত ১৯৪০ টকা দৰত ক্ৰয় কৰিব। এই সন্দৰ্ভত কালি ধেমাজি জিলাৰ জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ধান ক্ৰয় সজাগতা সভাত ধেমাজি জিলাৰ ৰাজহ আৰু ভূমি বিভাগৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, জোনাই ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱা, জোনাই মহকুমা কৃষি বিষয়া, মণ্ডল, গ্ৰাম্য প্ৰধানৰ লগতে কৃষক ৰাইজে উপস্থিত থাকে।

সভাত নিৰ্ধাৰিত মূল্যত ধান ক্ৰয় আৰু কৃষকৰ নাম পঞ্জীয়ন কৰি কৃষি বিভাগৰ পৰা কৃষক প্ৰমাণ পত্ৰ সংগ্ৰহ সন্দৰ্ভত কৃষক ৰাইজক অবগত কৰা হয়। সভাত বিষ্টুৰাম দলেয়ে ৯০ কুইণ্টল আৰু গীৰিন কুম্বাঙে ১২০ কুইণ্টল ধান নিৰ্ধাৰিত মূল্যত বিক্ৰী কৰিৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰে। উল্লেখযোগ্য যে, জোনাই মহকুমাৰ ৰায়াং-বিজয়পুৰ পঞ্চায়ত, জোনাই পঞ্চায়ত, ৰামধন-দিখাৰী পঞ্চায়ত আৰু চিমেন চাপৰি পঞ্চায়ত নিৰ্ধাৰিত মূল্যত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা বুলি অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে জানিব লৈ দিয়ে। জোনাই মহকুমা চমকং পঞ্চায়ত কাৰ্যালয়টো অনুষ্ঠিত হোৱা ধান ক্ৰয় সজাগতা সভাত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, জিলা কৃষি বিষয়া, জোনাই মহকুমা কৃষি বিষয়া আৰু কৃষক ৰাইজে উপস্থিত থাকে। সভাত নিৰ্ধাৰিত মূল্যত ধান ক্ৰয় সন্দৰ্ভত কৃষক ৰাইজক বুজাই কোৱা লগতে কৃষক নাম পঞ্জীয়ন কৰে।

ইপিনে ধেমাজি জিলাৰ চিচিবৰগাঁও চক্ৰৰ বিতনীপাম পঞ্চায়তটো অতিৰিক্ত উপায়ুক্ত উৎপল দলে, জিলা কৃষি বিষয়া, পঞ্চায়ত সভাপতি, বাৰ্ড সদস্য, গ্ৰাম প্ৰধান আৰু কৃষক ৰাইজৰ উপস্থিতিত ধান ক্ৰয় সন্দৰ্ভত সজাগতা সভা এখন অনুষ্ঠিত কৰা হয়। ধেমাজি জিলাৰ ভূমি আৰু ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে জানিব লৈ দিয়ামতে ধেমাজি জিলাত মুঠ ৯৬০ খন ৰাজহ গাঁও, ৩৫১ খন জৰীপবিহীন গাঁও আৰু ২২৬ খন বন গাঁও আছে। ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰত জৰীপবিহীন গাঁও ১৫৯খন, বন গাঁও ১৫১খন, চিচিবৰগাঁও ৰাজহ চক্ৰত জৰীপবিহীন গাঁও ১১০ খন, বন গাঁও ৫৫ খন, ধেমাজি ৰাজহ চক্ৰত জৰীপবিহীন গাঁও ১১ খন, বন গাঁও ৮ খন আৰু গোগামুখ ৰাজহ চক্ৰত জৰীপবিহীন গাঁও ৭১ খন আৰু বন গাঁও ১২ খন আছে বুলি জানিব দি দিয়ে।

তদুপৰি অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে জানিব লৈ দিয়ামতে ধেমাজি জিলাত জৰীপবিহীন গাঁৱৰ ভূমি জৰীপ চলি আছে আৰু ইতিমধ্যে জোনাই ৰাজহ চক্ৰত ৫৯ খন, চিচিবৰগাঁও ৰাজহ চক্ৰত ৪৫ খন, ধেমাজি ৰাজহ চক্ৰত ৯ খন আৰু গোগামুখ ৰাজহ চক্ৰত ৬২ খন গাঁৱৰ জৰীপ জকা লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে, জোনাই মহকুমাৰ লাইমেকুৰী পঞ্চায়তৰ লুম্পং গাঁৱত অসম-অৰুণাচল প্ৰদেশৰ আন্ত:ৰাজ্যিক সীমাত প্ৰশাসনে স্থাপন কৰা তিনিটা পকী খুঁটা পুৰহি দুৰ্বৃত্তই উভালি দিয়ে। অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে আজি ঘটনাস্থলী অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লুম্পং গাঁও পৰিদৰ্শন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in