আৰক্ষীৰে ধনৰ লেনদেন সুবোধ বিশ্বাসৰ! জামিন মঞ্জুৰক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কক কি ক’লে ধেমাজি আছুৱে?

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ অৱহেলাৰ বাবেই অসমীয়া জাতিক পদানত কৰাৰ চেষ্টা চলোৱা সুবোধ বিশ্বাস আজি ৰঙাঘৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে চিলাপথাৰ কাণ্ডৰ মূল খলনায়কজনৰ জামিন মঞ্জুৰ কৰাৰ পিছতে এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই।

'যিধৰণে চৰকাৰে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ন্যায়ালয়ক তথ্য যোগান ধৰিব লাগিছিল, সেই ধৰণে নকৰা বা লেহেমীয়া কৰাৰ বাবেই জাতিৰ খলনায়কজন আজি মুকলি আকাশৰ তলত আছে।'-বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে কয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে।

আনহাত, সুবোধৰ জামিন মঞ্জুৰৰ পিছতে চৰকাৰ তথা আৰক্ষী প্ৰশাসনক তীব্ৰ ভাষাৰে গৰিহণা দিছে ধেমাজি জিলা ছাত্ৰ সন্থাই। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ৰঞ্জন চুতীয়াই অসম আৰক্ষীৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়া আৰু আৰএছএছ-বিজেপিৰ কুটিল ষড়ষন্ত্ৰকে ইয়াৰ বাবে জগৰীয়া কৰে।

জাতিক অপমান কৰা এই ঘটনাৰ গোচৰ আগবঢ়াই নিয়াত চৰকাৰৰ সদিচ্চাৰ অভাৱকো সমালোচনা কৰে আছু নেতাজনে। তদন্তৰ সৈতে জড়িত চিলাপথাৰ আৰক্ষীৰ বিৰুদ্ধেও কোটি কোটি টকা লেনেদেনৰ এক ৰাজহুৱা অভিযোগ আছে বুলিও 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক জনায় সম্পাদকগৰাকীয়ে।

'প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত সুবোধ বিশ্বাসৰ অতি কমেও তিনি বছৰৰ কাৰাদণ্ড হ'ব লাগে। সকলোৱে তেনেকৈয়ে ভাবি আছিল। কিন্তু তদন্তকাৰী কিছু বিষয়াৰ গাফিলতিৰ বাবেই আজি এজন অপৰাধী এনেদৰে সাৰি যাবলৈ পালে।'-চুতীয়াই কয়।

তদন্ত প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত ধেমাজি জিলা ছাত্ৰ সন্থাই দুই এদিনতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বিষয়ে চিন্তা-চৰ্চা চলাইছে বুলিও জনায় সম্পাদকজনে।

উল্লেখ্য যে বিগত বৰ্ষৰ ৬মাৰ্চত চিলাপথাৰত সুবোধ বিশ্বাসৰ নেতৃত্বতে আছুৰ কাৰ্যালয়ত সংঘটিত হৈছিল আক্ৰমণ। এই আক্ৰমণৰ পিছতে ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটাত অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল মূল খলনায়কজনক। কিন্তু এনেদৰে খলনায়কজন পুনৰ মুকলি অাকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱাত চৰকাৰ-প্ৰশাসনৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাজ্যবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in