শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

ধৰ্মপুৰত বিধ্বস্ত পথ, মন্ত্ৰী চন্দ্ৰমোহনৰ অনুৰোধো ৰক্ষা নকৰে গড়কাপ্তানি বিভাগে

151

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ এখন গাঁৱৰ মাত্ৰ আধা কিলোমিটাৰ দৈৰ্ঘ্যৰ একাংশ পথৰ বিধ্বস্ত ৰূপে সমষ্টিটোত উন্নয়নৰ স্বৰূপ উদঙাইছে। বিল্বেশ্বৰ গাঁৱৰ হৰহৰিয়াপাৰ চুবুৰিৰ এই পথছোৱাৰ অৱস্থাৰ বিষয়ে চৰ্চালৈ অহাৰ কাৰণ হ’ল পাঁচ বছৰ পূৰ্বে তদানীন্তন স্থানীয় বিধায়ক নীলমণিসেন ডেকাৰ কাৰ্যকালত পথছোৱাৰ দুয়ো মূৰৰ অংশ পকীকৰণ হৈ গৈছে।

কি কাৰণত মাজতে মাত্ৰ আধা কিলোমিটাৰ পথ পকীকৰণ নহ’ল সেয়া আজিও স্থানীয় ৰাইজৰ বাবে ৰহস্যৰ বিষয়। সম্প্ৰতি পথছোৱা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে। এজাক বৰষুণতে একাঠুঁ পানী হয় পথত। স্থানীয় লোকসকল ওলাব সোমাব নোৱৰা অৱস্থা।

ইতিপূৰ্বে ৰাইজে স্থানীয় বিধায়ক তথা উদ্যোগ-পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু গড়কাপ্তানি বিভাগৰ ওচৰত আবেদন নিবেদন কৰিছে যদিও কোনো কামত অহা নাই। আনকি এবাৰ মন্ত্ৰী পাটোৱাৰীয়ে উল্লিখিত বিধ্বস্ত পথছোৱা নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি বিভাগক অনুৰোধ জনাইছিল। কিন্তু মন্ত্ৰীৰ অনুৰোধকো কোনো গুৰুত্ব দিয়া নাই বে-পৰোৱা গড়কাপ্তানি বিভাগে।।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি