নগাঁৱত ২ ফৈদৰ ভূমিকেন্দ্ৰিক সংঘাতত ৫ জন অাহত

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ ধনীয়াভেটিত আজি পুৱাই দুই ফৈদৰ ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত  ৫ জনকৈ  লোক আহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত বাতৰি মতে, অাব্দুল বাতিন অাৰু ৰিয়াজউদ্দিন নামৰ লোক দুজনৰ ফৈদে লাখুটি, দা-যাঠিৰে অাক্ৰমণ-প্ৰত্যাক্ৰমণ কৰাৰ ফলত মুঠ ৫ জনকৈ লোক অাহত হয়।

ইয়াৰে অাব্দুল বাতিন অাৰু অাব্দুল জলিলৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে অাহত ৰিয়াজউদ্দিন, অাব্দুল কাচেম অাৰু মজিবুৰ ৰহমানক বটদ্ৰৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

একেটি পৰিয়ালৰ এই লোক দুজনৰ মাজত প্ৰায়েই ভূমিকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈ অাহিছিল বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in