/asomiyapratidin/media/media_files/2026/02/23/4-2026-02-23-11-36-36.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ দেওবাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ঢকুৱাখনা ব্লক কংগ্ৰেছ কৰ্মীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে- অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা যিমান কংগ্ৰেছী আছিল তাতকৈ বেছি গেৰুৱা দলৰ এজন সক্ৰিয় এজেন্ট আছিল। নিজৰ অভীষ্ট সিদ্ধিৰ বাবে কংগ্ৰেছ দলটোক ব্যৱহাৰ কৰি অহা প্ৰতাৰক ভূপেন বৰাই নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰকৃত স্বৰূপ উন্মোচিত কৰি গেৰুৱা বসন পিন্ধিলে। স্বাৰ্থ সিদ্ধিৰ বাবে কংগ্ৰেছৰ মজিয়াত থাকি গেৰুৱা দলক কুকুৰে কাঁইট নোখোৱাকৈ গালি গালাজ কৰি,বৰদোৱা থান, শক্তিপীঠ কামাখ্যাৰ শপত লৈ নাটক কৰি অহা এইজন প্ৰতাৰক গাড্ডাৰ ভূপেন বৰাৰ মুখত জুই জ্বলাই ভণ্ড ৰাজনীতিকজন নিপাত যাবলৈ ব্লক কংগ্ৰেছ সমিতিয়ে প্ৰাৰ্থনা জনালো ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-imag-2026-02-23-11-38-49.jpeg)
ব্লক সভাপতি প্ৰাঞ্জল চুতীয়াৰ নেতৃত্বত গৰিষ্ঠ সংখ্যক দলীয় নেতা কৰ্মী ৰাজীৱ ভৱনত সমবেত হৈ দলীয় কাৰ্যালয়ত থকা প্ৰাক্তন সভাপতি বৰাৰ সকলো ফটো,বেনাৰ,হৰ্ডিং আদি নমাই আনি অগ্নিসংযোগ কৰে। প্ৰতাৰক ভূপেন বৰা নিপাত যাওক, গাড্ডাৰ সুবিধাভোগী ভূপেন বৰা হায় হায়, গৌৰৱ গগৈ জিন্দাবাদ ,অসম প্ৰদেশ কংগ্ৰেছ সমিতি জিন্দাবাদ আদি শ্ল'গান দি ভৱন প্ৰাংগণ উত্তাল কৰি তোলে কংগ্ৰেছ নেতা কর্মীসকলে।
উল্লেখ্য যে, জিলা কংগ্ৰেছৰ নেতা কেশেন চেতিয়া ,তৰুণ চেতিয়া ,লালিত্য কুমাৰ দাস, ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়া,সম্পাদক শৰৎ পাতিৰ,মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ নেতৃত্বৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰি বৰাৰ পুত্তলিকা ক্ষুব্ধ কংগ্ৰেছী সকলে দাহ কৰে। অনাগত সময়ত দলৰ ঘৰশত্ৰু ভূপেনৰ অনুপস্থিতিত কংগ্ৰেছ দল দুগুণ জনমুখীতাৰে আগুৱাই যাব বুলি মন্তব্য কৰে। ভূপেন বৰাই বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত গেৰুৱা দলক বিজয়ী কৰিবলৈ কংগ্ৰেছ দলটোক দুৰ্বল কৰাৰ বাবে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিখন চক্ৰান্তমূলক ভাবে ভংগ কৰিছিল বুলি অভিযোগ উত্থাপন কৰে ক্ষুব্ধ কংগ্ৰেছী সকলে।তাৰোপৰি বিগত লোকসভা নিৰ্বাচনৰ সময়তো গেৰুৱা দলৰ পৰা ধনৰ টোপোলালৈ নিস্ক্ৰিয় প্ৰাৰ্থীক দলীয় টিকট দিয়াৰ অভিযোগ তুলি দলৰ ভীষণ ক্ষতিসাধন কৰা বুলিও মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/5-2026-02-23-11-40-08.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us