ঢকুৱাখনা মিচিং কৃষ্টি ভৱনত ২৯ সংখ্যক ‘কাংকিন কেবাং’…

ঢকুৱাখনা মিচিং কৃষ্টি ভৱনত ২৯ সংখ্যক ‘কাংকিন কেবাং’…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ "জীৱনত সফলতা লাভ কৰিবলৈ কঠোৰ সংগ্ৰাম কৰিবই লাগিব।ইয়াৰ বিকল্প নাই। যিকোনো কামত সফলতা সকলোৰে বাবে একেবাৰতেই নাহে। অহৰহ চেষ্টা কৰি থাকিলে সফলতা অৱশ্যেই আহিব।" – এই মন্তব্য ঢকুৱাখনা মহকুমাৰ আৰক্ষী বিষয়া আই পি এছ মোহন লাল মীনাৰ।

দেওবাৰে ঢকুৱাখনা মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত আয়োজিত-২৯ সংখ্যক ঢকুৱাখনা টাউন কাংকিন কেবাং উপলক্ষে আয়োজিত- "প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি আৰু সফলতা লাভৰ উপায়" শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি আৰক্ষী বিষয়া মীনাই কয় যে- "প্ৰতিযোগিতা মুলক পৰীক্ষাত বিফলতা জীৱনৰ ডাঙৰ কথা নহয়। কিন্তু কঠোৰ পৰিশ্ৰম আৰু পাঠ্যক্ৰমক বুজি উঠি অধ্যয়ন নকৰিলে সফলতা পোৱাটো কিন্তু কঠিন।"

অন্যহাতে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ডিব্ৰুগড় জিলাৰ সংস্কৃতিক বিষয়া ড০ পবিত্ৰ কুমাৰ পেগুৱে কয় যে- "উঠি অহা প্ৰজন্মই নিজক সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বাবে উপযুক্ত ব্যক্তি ৰূপে গঢ়িবলৈ হ'লে কলেজীয়া জীৱনৰ সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব।" ইয়াৰ পূৰ্বেই পুৱা-৭ বজাত পতাকা উত্তোলন কৰে ঢকুৱাখনা টাইন টি,এম,পি,কে'ৰ সভাপতি অনিল দলেয়ে।

পুৱা ৭.৩০ বজাত সম্পাদক ভৱজিৎ পেগুৱে পতাকা উত্তোলন কৰাৰ পিছতে ১১.৩০ বজাৰ আলোচনা চক্ৰ আৰম্ভ হৈছিল। দুপৰীয়া ১২ বজাত "কাংকিন কেবাং"ৰ মুখপত্ৰ 'কাংকিন' উন্মোচন কৰে মিচিং সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰভাত চন্দ্ৰ মিলিয়ে। অন্যহাতে বিয়লি ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। শিক্ষাবিদ বগীৰাম কুটুমে উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে।

নিজৰ ভাষণত বৰ্তমান প্ৰতিযোগিতাৰ পৃথিৱীখনত সভালতা তথা জীয়াই থাকিবলৈ হলে ছাত্ৰ-ছাত্ৰী সকলে কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰিবই লাগিব বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে, "জনজাতিৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত আগবাঢ়ি অহাৰ ক্ষেত্ৰত হিনমন্যতাত ভোগা সমস্যাটো প্ৰধান সমস্যা আছিল। যাৰ বাবে তেওঁলোক বহুত পিছুৱাই থাকিব লগা হৈছিল। কিন্তু আজি ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া আই পি এছ মোহনলাল মীনাৰ সৈতে বহুত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত কিদৰে সফলতা লাভ কৰিব পাৰি তাৰ বিষয়ে যি আলোচনাত আগভাগ লৈছে মিছিং শিক্ষাৰ্থী সকলৰ বাবে সেয়া অতি ভাল লক্ষণ। এইদৰে ভাল শিক্ষা লৈহে নানা মাদক দ্ৰৱ্য আৰু অসমাজিক কাম কাজত জড়িত হবলৈ ধৰা আমাৰ সমাজখনক নতুন প্ৰজন্মই শুদ্ধ পথত আনিব পৰাটো সম্ভৱ।"

আনহাতে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই সন্মানীয় অতিথি হিচাপে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক কেৱল পাঠ্যক্ৰমৰ ভিতৰতে সীমাবদ্ধ নাথাকি সকলো দিশতে সমানে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ কয়- কেৱল নিজৰ পাঠ্যপুথিৰ জ্ঞানে এজন মানুহক কেতিয়াও পূৰ্ণতা দিব নোৱাৰে। ভাল ভাল গ্ৰন্থ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ লগতে নৃত্য, গীত, বাদ্য আদিৰো চৰ্চা যদি সমানে চলাই যোৱা হয় তেতিয়াহে জীৱনৰ আচল মাদকতা বিচাৰি পোৱাটো সম্ভৱ। আনহাতে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত দুদিনমান কিতাপ এখন পঢ়ি সভালতা লাভ কৰিব কেতিয়াও সম্ভৱ নহয়, সেইয়া তেতিয়া সম্ভব হব যেতিয়া তোমালোকে ভিন্ন বিষয়ৰ কিতাপ আলোচনী দৈনিক অধ্যয়ন কৰিবা।

আনহাতে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সদৌ অসম মিচিং ছাত্র সন্থাৰ সম্পাদক পদ্মলোচন পেগুৱে চৰকাৰৰ শেহতীয়া নীতিৰ ওপৰত অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। বিশেষকৈ মিচিং ছাত্ৰ ছাত্ৰীৰ জলপানীৰ ধন একাংশ চৰকাৰী মহাবিদ্যালয়ৰ পৰিবৰ্তে একাংশ ভুৱা জুনিয়ৰ কলেজে লাভ কৰি থকা বিষয়টোত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্তৰ দায়িত্ব লোৱাৰ পাছতো তাৎক্ষণিক পদক্ষেপ নোলোৱা বিষয়টোত তেওঁলোকক পুনৰ তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য কৰিব বুলি প্ৰকাশ কৰে।

লগতে ছাত্ৰ নেতা গৰাকীয়ে মন্ত্ৰী নৱ দলেৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত হোৱা দুৰ্নীতিৰ তদন্ত বিষয় টোত তেওঁলোক ক্ষুণ্ণ হোৱা বুলি প্ৰকাশ কৰি ভৱিষ্যতে এনে কোনো অনিয়ম মিচিং ছাত্র সন্থাই চাই নাথাকে বুলি স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত লগতে অসম প্ৰশাসনিক সেৱাৰ বিষয়া ঢকুৱাখনাৰ অতিৰিক্ত ন্যায়াধীশ কুলভূখন পেগু, লখিমপুৰ জিলা পৰিষদৰ ইন্দ্ৰ কুমাৰ শুংক্ৰাং আদিকে ধৰি মিছিং জনগোষ্ঠীৰৰ বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায়।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in