ঢকুৱাখনা জিলা ট্ৰাইবেল সংঘৰ ভৱন নিৰ্মাণত দুৰ্নীতিঃ ২০ লাখ টকীয়া ভৱনৰ পকী দেৱালত মেলিছে বৃহৎ ফাঁট…

ঢকুৱাখনা জিলা ট্ৰাইবেল সংঘৰ ভৱন নিৰ্মাণত দুৰ্নীতিঃ ২০ লাখ টকীয়া ভৱনৰ পকী দেৱালত মেলিছে বৃহৎ ফাঁট…

ডিজিটেল সংবাদ, ঢকুৱাখনা: চৰকাৰী উন্নয়নমূলক আঁচনিৰ বিপৰীতে আবন্টিত পুঁজি অপব্যৱহাৰ হ'লে কঠোৰ আইনী শাস্তিৰ সন্মুখীন হ'ব বুলি  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা ফুটুকাৰ ফেনলৈ পৰ্যবসিত হৈছে ঢকুৱাখনাত। প্ৰাক্তন মন্ত্ৰী নৱ দলেৰ গৃহ সমষ্টিৰ মাজমজিয়াত নিৰ্মীয়মান এটা ২০ লাখ টকীয়া সমূহীয়া ভৱনৰ নিৰ্মাণত নিয়োজিত অৰ্থলোভী ঠিকাদাৰে মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশনাক কাৰ্যতঃ পদপিষ্ট কৰিছে। প্ৰাপ্ত তথ্য মতে, ঢকুৱাখনা নগৰৰ ব্লক চাৰিআলিৰ সমীপত প্ৰায় ২০ লাখ টকাৰে জনজাতি সংঘৰ এটা সমূহীয়া ভৱন নিৰ্মানৰ আঁচনি প্ৰাক্তন মন্ত্ৰী নৱ দলেয়ে আধাৰশিলা স্থাপন কৰিছিল ২০১৬-২০১৭ বর্ষৰ  বিশেষ পুঁজিৰে ।

জনজাতি সংঘৰ স্থায়ী ভূখণ্ডত পূৰ্বে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পুঁজিৰে আধৰুৱাকৈ নিৰ্মান কৰি ৰখা আন্তঃগাঁথনিৰ ওপৰতে এই গৃহ নিৰ্মাণ আঁচনিখন ৰূপায়ণৰ কাম চলিল যোৱা প্ৰায় ৩ বছৰ ধৰি। কিন্তু এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক দলেৰ চৰকাৰী আঁচনি সফল ৰূপায়ণৰ উলংগ স্বৰূপ জনদৃষ্টিত দাঙি ধৰি এই ভৱনটো আজিও সম্পূৰ্ণভাৱে নিৰ্মান কৰি উলিয়াবলৈ সক্ষম হোৱা নাই ধুৰন্ধৰ ঠিকাদাৰজন। ঢকুৱাখনা জিলা জনজাতি সংঘই বৃহস্পতিবাৰে উত্থাপন কৰা অভিযোগ মতে অতি নিম্ন মানৰ সামগ্ৰীৰে , ক্ৰুটিপূৰ্ণ নিৰ্মান শৈলীৰে নিৰ্মান কৰা এই ভৱনটোৰ সৈতে সংলগ্ন স্নানাগাৰ আৰু অনাময় কোঠা সমূহ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পূৰ্বে  দেৱালত বৃহৎ বৃহৎ ফাঁট মেলি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে।

চৰকাৰী পুঁজিৰ বিপৰীতে মুকলি লুটপাত চলাবলৈ নিৰ্মান কৰা এই ভৱনটোৰ এই অনাময় আৰু স্নানাগাৰৰ কোঠা  সমূহ ভূপৃষ্ঠৰ পৰা শক্তিশালী ভাবে নিৰ্মান নকৰাৰ বাবেই পকী বেৰা সমূহৰ সংযোগ অংশবোৰত বৃহৎ আকাৰৰ ফাঁট মেলাৰ লগতে বাহিৰলৈ হাউলি পৰি বিপদ সংকুল অৱস্থাত থিয় দি আছে। ইতিমধ্যে বৃহৎ পৰিমাণৰ পুঁজি সৰকাই নিয়া অৰ্থলোভী ঠিকাদাৰজনে প্ৰাক্তন মন্ত্ৰী , বিধায়ক গৰাকীৰ আশীষধণ্য হৈ এনে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে জনগোষ্ঠীয় ৰাইজ-সংগঠন সমূহে। নিজ হাতে গৃহনিৰ্মানৰ শুভাৰম্ভ কৰা ২০ লাখ ব্যয় সাপেক্ষ আঁচনিখনৰ বিপৰীতে সংঘটিত হোৱা চৰকাৰী পুঁজিৰ অপচয় আৰু পৰ্বতসম দুৰ্নীতি জানি ,শুনি ,দেখিও ৰহস্যজনকভাবে মুক বধিৰৰ ভূমিকা পালিছে দলেয়ে ।

ঘনিষ্ঠতাৰ বাবে সাহস কৰিব পৰা নাই অৰ্থলোভী ঠিকাদাৰক পুনৰ নিৰ্মাণৰ বাবে বাধ্য কৰাৰ লগতে ক্ৰুটিপূৰ্ণ অংশ সঠিক ভাবে মেৰামতি কৰাৰ বাবে। ঢকুৱাখনাৰ মিচিং জাতীয় সংগঠন সমূহে এই বিপদাপন্ন অবস্থাত হাউলি থকা স্নানাগাৰ আৰু অনাময় কোঠা সমূহে অচিৰেই আৱাসীৰ প্ৰাণ লোৱাৰ আশংকা কৰি প্ৰাক্তন মন্ত্ৰী তথা বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰজনক বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো কেৰেপ নকৰি ক্ৰুটিপূৰ্ণ অংশ পুনৰ নিৰ্মান নকৰি বাস্তৱিকতে ভৱন নিৰ্মান আঁচনিখনেই অৰ্থহীন কৰি তোলা বুলি অভিযোগ উত্থাপন কৰিছে। জাতীয় সংগঠন আৰু জনজাতি সংঘৰ নেতৃত্বই পূৰ্বৰ "ফাউণ্ডেচন"ৰ  ওপৰতে ধন ৰাহি কৰিবলৈ ভৱনটো নিৰ্মান কৰি উধাও হোৱা বুলি কৈ চৰকাৰী আঁচনিৰ নামত  বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰজনে বাস্তৱিকতে মুকলি লুটপাত কৰা বুলিহে একেমুখে অভিযোগ তোলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in