ঢকুৱাখনাত স্থাপন হ’ব টেট পৰীক্ষাৰ কেন্দ্ৰঃ পৰীক্ষাৰ্থীৰ দাবীক সহাৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ…

ঢকুৱাখনাত স্থাপন হ’ব টেট পৰীক্ষাৰ কেন্দ্ৰঃ পৰীক্ষাৰ্থীৰ দাবীক সহাৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সুদীৰ্ঘ ৭ বছৰৰ মুৰত অহা ১০ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা টৈট পৰীক্ষাৰ বাবে লখিমপুৰ জিলাত ৩৬ টা কেন্দ্ৰ দিয়াৰ পিছতো ঢকুৱাখনা মহকুমাত এটাও পৰীক্ষা কেন্দ্ৰ নপৰাত মহকুমাটোৰ পৰীক্ষাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ফলত মহকুমাটোত টেটৰ পৰীক্ষা কেন্দ্ৰ স্থাপনৰ দাবীত ডি,এল,এড, উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী মঞ্চ ঢকুৱাখনা আৰু ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাই ১৫ অক্টোবৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিল।

এই সভাৰ সিদ্ধান্ত অনুসৰি ১৬ অক্টোবৰত ডি,এল,এড, উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী মঞ্চ,ঢকুৱাখনাৰ সম্পাদক ৰাজীৱ বৰুৱা,সহকাৰী সম্পাদক টংকেশ্বৰ গগৈ, প্ৰচাৰ সম্পাদক উৎপল দাস,আৰু প্ৰাক্তন আছু নেতা বিষ্ণু বৰুৱাৰ নেতৃত্বত এটি সজাতি দলে ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী আৰু স্থানীয় মন্ত্ৰী নৱ কুমাৰ দলেলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

এই স্মাৰক পত্ৰ লাভৰ পিছতে ঢকুৱাখনাত টেটৰ পৰীক্ষা কেন্দ্ৰ স্থাপনৰ দাবীৰ প্ৰতি স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে সহাৰি জনোৱাৰ কথা বৃহস্পতিবাৰে প্ৰকাশ কৰিছে ডি,এল,এড উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী মঞ্চ,ঢকুৱাখনাৰ সম্পাদকক। এই সন্দৰ্ভত মঞ্চৰ সম্পাদক বৰুৱাই বৃহস্পতিবাৰে সংবাদ মাধ্যমক জনোৱা মতে-মন্ত্ৰী নৱ কুমাৰ দলেয়ে ঢকুৱাখনাৰ শ শ শিক্ষাৰ্থীয়ে দূৰৰ কেন্দ্ৰত পৰীক্ষা দিবলৈ যাওঁতে সন্মুখীন হ'ব পৰা অসুবিধাৰ বিষয়টো শিক্ষা বিভাগৰ মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়া সকলৰ সৈতে জৰুৰীভাৱে পৰ্যলোচনা কৰি ঢকুৱাখনাত কমেও ৭ টা টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়।

এই প্ৰস্তাৱৰ প্ৰতি শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে যথেষ্ট ইতিবাচক সহাৰি দিছে মন্ত্ৰী নৱ কুমাৰ দলেক। এই সহাৰিৰ ভিত্তিতেই মন্ত্ৰী দলেয়ে-ঢকুৱাখনা মহকুমাটোৰ ভিতৰত প্ৰায়-৭ টা টেটৰ পৰীক্ষা কেন্দ্ৰত ২৮ শতাধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিবলৈ পাব বুলি আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে এতিয়াও কিন্তু ঢকুৱাখনাত টেট পৰীক্ষাৰ কেন্দ্র স্থাপনৰ দাবীত অটল আছে ডি,এল,এড,উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী মঞ্চ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in