ঢকুৱাখনাত সতী সাধনী দিৱস উদযাপন

ঢকুৱাখনাত সতী সাধনী দিৱস উদযাপন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত আৰু মা-ধোৱা আঞ্চলিকৰ সহযোগত সাপতিয়া অঞ্চলৰ বীৰপাল ক্ষেত্ৰত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সাধনী দিৱস। পুৱা মুখ্য তোৰন উন্মোচন, বৃক্ষ ৰোপন, পতাকা উত্তোলন আদি কাৰ্যসূচীৰ পাছতে চুতীয়া সকলৰ ঐতিহাসিক দেওকুঁৱেৰ পূজা সম্পাদন কৰে বিদ্যুৎ চুতীয়া আৰু ডিম্বেশ্বৰ বৰাই। ইয়াৰ পাছতে অনুষ্ঠিত হয় সাহিত্য প্ৰতিযোগিতা।

আনহাতে দুপৰীয়া ১২ বজাৰ পৰা শিক্ষাবিদ মুহিৰাম বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা 'বৃহত্তৰ অসমীয়া জাতি গঠনত চুতীয়া সকলৰ অৱদান' শীৰ্ষক আলোচনা চক্ৰত বহু কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়াই। এইক্ষেত্ৰত ঢকুৱাখনাৰ সোণাৰি চাপৰি স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ নৱকান্ত চুতীয়াই কয় যে- "আজিৰ তাৰিখত অসমীয়া লোক-সংস্কৃতিৰ প্ৰধান অংগ হৈ পৰা বিহুৰ পৰা আৰম্ভ কৰি বিয়ানাম, আইনাম ইত্যাদি লৈকে বহুখিনি লোকসাহিত্যৰ সম্পদেই আছিল মূলতঃ চুতীয়া সকলৰ নিজা সম্পদ। চুতীয়াসকলৰ অৱহেলা ভৌগোলিক বিচ্ছিন্নতাৰ বাবেই আজি চুতীয়া সকল ৰাজকীয় জাতি হৈও বহুত ক্ষেত্ৰত পিছপৰা হৈ আছে।"

ইফালে, আলোচনা চক্ৰত অংশগ্ৰহণ কৰি মতামত আগবঢ়াই শিক্ষাবিদ পদ্মেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক উত্তম কুমাৰ বৰুৱা আৰু জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক অতুল চুতীয়াই। কাইলৈ বাৰেৰহনীয়া সংস্কৃতিক শোভাযাত্ৰাৰ পাছত মুকলি সভা অনুষ্ঠিত হব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in