ঢকুৱাখনাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা…

ঢকুৱাখনাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা…

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ অধীনৰ স্থানীয় মহকুমা কৃষি বিষয়াৰ কাৰ্যলয় সমূহ কিদৰে চলি আছে তাক ভালকৈ চাবলৈ হলে আপুনি এবাৰ ঢকুৱাখনালৈ আহক। মন্ত্ৰী অতুল বৰাৰ অধীনৰ ৰাজ্য খনৰ এই গুৰুত্বপূৰ্ণ বিভাগতো যে গৰিষ্ঠসংখ্যক মহকুমাত নামতহে আছে সেইয়া আপুনি হয়তো খানাপাৰাত থকা কৃষি আৰু উদ্যান শস্য সঞ্চালকালয়ৰ বিয়াগোম ভৱনসমূহ দেখি অনুমানেই কৰিব নোৱাৰিব।

কিন্তু প্ৰকৃত অৰ্থত কৃষিপ্ৰধান ৰাজ্য অসমৰ বেছিভাগ স্থানত ৰাইজৰ অতি গুৰুত্বপূৰ্ণ এই কৃষি বিষয়াৰ অফিচতো মাথোঁ এৰাল নোহোৱা গৰুৰ দৰে পৰিহে আছে। এইক্ষেত্ৰত আশী শতাংতকৈয়ো অধিক কৃষিজীৱি লোকৰ বাসভূমি ঢকুৱাখনাত দুখীয়া কৃষকৰ সহায়ৰ বাবে থকা এই গুৰুত্বপূৰ্ণ কাৰ্যলয়টো কিদৰে চলি আছে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। কাৰণ ঢকুৱাখনাত মহকুমা কৃষি বিষয়া অবিহনেই আজি পাঁচ মাহে চলি আছে এই অফিচতো।

যোৱা মাৰ্চ মাহতেই মহকুমা কৃষি বিষয়া গৰাকী ধেমাজিলৈ বদলি হৈ গল যদিও তেওঁৰ স্থানত আজিলৈকে কোনো বিষয়া চৰকাৰে ঢকুৱাখনালৈ নপঠালে। যাৰ বাবে এতিয়া ঢকুৱাখনাৰ হাজাৰ হাজাৰ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। কাৰণ শেহতীয়া বানপানীত হাজাৰ হাজাৰ কৃষকে বানপানীত সকলো হেৰুৱাই ক্ষতিপূৰণ বিচাৰি এই কাৰ্যলয়তোলৈ তাতবাতি কৰিছে যদিও তাত কোনো বিষয়া কৰ্মচাৰীক লগ পাবলৈ সক্ষম হোৱা নাই।

এনে এক গুৰুত্বপূৰ্ণ সময়ত বান ক্ষতিগ্ৰস্ত লোক সকলৰ ক্ষতিৰ পৰিমাণ জৰীপ কৰাটো দূৰৰে কথা, লখিমপুৰ জিলা কৃষি বিষয়াৰ কাৰ্যলয়ৰ যিগৰাকী কৃষি উন্নয়ন বিষয়াক ঢকুৱাখনাৰ দায়িত্ব অতিৰিক্ত ভাবে দি ৰাখিছিল তেওঁ কোনোদিন ঢকুৱাখনাত উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে। যাৰ বাবে কৃষি বিষয়া গৰাকীৰ ৰুমত সদাই এটা প্ৰকাণ্ড তলা ওলমি থাকে। তাতোকৈ লক্ষণীয় বিষয় এয়ে যে ঢকুৱাখনা এই গুৰুত্বপূৰ্ণ কাৰ্যলয়তোত নাই এতিয়া সঠিক পৰিমাণৰ কৰ্মচাৰী। যিকেইগৰী আছিল তেওঁলোকৰ বেছিভাগকে চৰকাৰে এন.আৰ.চি.ৰ কামত লগাই ৰখা বাবে এতিয়া ঢকুৱাখনা কৃষক সকলে কাৰ্যলয়তোলৈ গৈ মাথোঁ ঘূৰি আহিব লগা হয়।

কাৰণ কাৰ্যলয়তোৰ ১৫ গৰাকী বিষয়া কৰ্মচাৰীৰ ৬ জনক এন. আৰ. চি.ৰ দায়িত্বত ৰখাৰ ফলত চাৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু দুজন পিয়নে চলাই আছে এই কাৰ্যলয়তো। লক্ষণীয় বিষয় এয়ে যে এনে এটা মৃতপায় অৱস্থাত থকা ঢকুৱাখনাবাসীৰ অতি প্ৰয়োজনীয় কাৰ্যলয় সম্পূৰ্ণ কায্যক্ষম কৰি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিবৰ্তে ইয়াৰ পৰা দুগৰাকী কৰ্মচাৰী আকৌ নিজৰ কাৰ্যলয়লৈ নি কামত লগোৱাৰ হে অভিযোগ উত্থাপিত হৈছে ঢকুৱাখনাৰ মহকুমাধিপতি গৰাকীৰ বিৰুদ্ধে। কাৰণ ইয়াত থকা তিনিখনকৈ চৰকাৰী বাহন ভাগি ছিগি পৰি থকা ফলত কৃষি বিভাগৰ গাড়ীচালক গৰাকীৰ লগতে এগৰাকী পিয়নক নিজৰ কাৰ্যলয়ত নিয়োগ কৰিছে মহকুমাধিপতি গৰাকীয়ে। ইফালে ঢকুৱাখনা কৃষি বিষয়াৰ অধীনত ঘিলামৰা আৰু সোনাৰীচাপৰি কৃষি সংমণ্ডল দুটা আছে যদিও তাতো নাই কোনো কৰ্মচাৰী।

প্ৰতিটোতে থকা কৃষি উন্নয়ন বিষয়া গৰাকীক আকৌ নিয়োগ কৰা হৈছে এন.আৰ.চি.ৰ কামত। ইফালে সোনাৰীচাপৰিৰ এ.ডি.ও তথা কৃষি উন্নয়ন বিষয়া গৰাকীকে ঢকুৱাখনা মূল কাৰ্যলয়ৰো দায়িত্ব অতিৰিক্ত ভাৱে দিয়া হৈছে যদিও এন. আৰ. চি দায়িত্বত থকা বাবে এইগৰাকী বিষয়ায়ো কাৰ্যলয়ত উপস্থিত থাকিব নোৱাৰে।

জানিবপৰা মতে ঢকুৱাখনা কৃষি বিভাগৰ অধীনৰ ঘিলামৰা কাৰ্যলয়ত ৫ গৰাকীকৈ কৃষি সম্প্ৰসাৰণ সহায়ক থাকিব লাগে যদিও তাত আছে মাথোঁ এজন কৰ্মচাৰী, একেদৰে ঢকুৱাখনা মূল কাৰ্যলয়ত ১২ গৰাকী থাকিব লাগে যদিও আছে মাথোঁ এগৰাকী কৰ্মচাৰী আৰু সোনাৰী চাপৰিতো চাৰি গৰাকী থাকিব লাগে যদিও আছে মাথোঁ এগৰাকী কৰ্মচাৰী। তাৰ লগতে ঢকুৱাখনাৰ কাৰ্যলয়টোত এজনো উচ্চ বৰ্গৰ সহায়ক নথকাকৈয়ে আজি অতবছৰে ২ গৰাকী কনিষ্ঠ সহায়কে কাম কাজ চলাই আছে।

আনকি এগৰাকী সহকাৰী ইন্সপেক্টৰ অবিহনেই চলি আছে মন্ত্ৰী অতুল বৰাৰ এই গুৰুত্বপূৰ্ণ বিভাগটো। ঢকুৱাখনাৰ লাখ লাখ কৃষকক মাধমাৰ সোধাই মাথো নামতহে থকা এই কাৰ্যলয়তো এতিয়া সম্পূর্ণৰূপে কায্যক্ষম কৰি তুলিবলৈ মন্ত্ৰী অতুল বৰাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ দলে আৰু প্ৰশাসনক দাবী জনাইছে কৃষক ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in