ঢকুৱাখনা জিলা প্ৰাথমিক সন্মিলনীৰ দশম দ্বিবাৰ্ষিক অধিবেশন…

ঢকুৱাখনা জিলা প্ৰাথমিক সন্মিলনীৰ দশম দ্বিবাৰ্ষিক অধিবেশন…

ডিজিটেল সংবাদ : ঢকুৱাখনা: অসম প্ৰাথমিক শিক্ষক সন্মিলনী কেৱল শিক্ষকৰ প্ৰাপ্য আদায়ৰ বাবে সংগ্ৰাম কৰি অহা এটা শিক্ষক সংগঠন নহয়।  শিক্ষক সন্মিলনীয়ে  প্ৰাপ্যৰ বাবে যথেষ্ট  যুঁজ কৰি অহাৰ সমান্তৰাল ভাৱে শিক্ষক সমাজৰ দায়িত্ব আৰু মৰ্যাদাৰ বাবেও কাম কৰে । ৰাজ্যখনত আজিও মধ্যাহ্ন ভোজনৰ এটা চাউল , এটা পইচা ,এটা ইউনিফৰ্ম নোপোৱাকৈ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত ক শ্ৰেণী সংযুক্ত কৰি লক্ষ্য লক্ষ্য শিক্ষাৰ্থীক শিক্ষাদান কৰি আহিছে। 

প্ৰাথমিক স্তৰত এই ক শ্ৰেণী সংযুক্ত কৰা কাম সন্মিলনীয়ে সম্পন্ন কৰিছে। এয়া সন্মিলনীৰ সামাজিক দায়বদ্ধতাৰ নিদৰ্শন। কিন্তু ইমানৰ পাছতো কিয় চৰকাৰী পৃষ্ঠপোষকতাৰ বিদ্যালয়লৈ নাহে শিক্ষাৰ্থী । বিদ্যালয় একত্রিতকৰণনেৰে  বহু বহু পুৰণি শিক্ষানুষ্ঠান চিৰ দিনলৈ বন্ধ হৈ পৰিছে। এটা গৱেষণাত উন্মোচিত হৈছে এই সন্দৰ্ভত ভয়ানক তথ্য।  ভাৰতবৰ্ষৰ লগতে ৰাজ্যখনৰ এগৰাকী শিক্ষকে  দিনটোৰ কৰ্মসময়ৰ পাঠদানৰ বাবে মাত্ৰ ১৯'১শতাংশ সময় পায়।বাকী ৪২'৬ শতাংশ সময় ব্যয় কৰিব লাগে নিয়োজিত  অন্যান্য চৰকাৰী কামত। ৩৮'৮ শতাংশ সময় ব্যয় কৰিব লাগে বিদ্যালয়ৰ অন্যান্য কামত  আৰু ৬'৫ শতাংশ সময় ব্যয় কৰিব লাগে বিভাগীয় কামত।

শিক্ষকতা কৰাৰ নামত  দিনটোৰ বেছি ভাগ সময় অশিক্ষণীয় চৰকাৰী কামত শিক্ষক সমাজক ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিছে চৰকাৰে বা শিক্ষা বিভাগৰ উচ্চ পদস্থ আমোলা বিষয়া সকলে। তাৰমানে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাতো ক্ৰমাগত ভাবে অধঃপতিত কৰাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাতে বহু দিনৰ পৰাই এক চক্ৰান্ত চলি আহিছে।  শুক্ৰবাৰে ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ  দশম দ্বি বাৰ্ষিক অধিবেশনৰ  মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা  হিচাবে উপস্থিত হৈ এই মন্তব্য কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে।

জিলা সন্মিলনৰ সভাপতি পৰমা কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ শুভ উদ্ধোধন কৰে ঢকুৱাখনা মহকুমাৰ বিদ্যালয় সমূহৰ উপ পৰিদর্শক চুমী  শইকীয়াই । গাম্ভীৰ্যপূৰ্ণ অধিবেশনৰ মুকলি সভাতবিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰি  ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ বৰাই এখন নিকা পৰিশুদ্ধ শৈক্ষিক সমাজ গঠনত শিক্ষাগুৰু সকলক  বৰেণ্য ভূমিকা থাকে বুলি কৈ  এগৰাকী শিক্ষকৰ উপৰিও এগৰাকী অভিভাৱক হিচাবে প্ৰাথমিক বিদ্যালয়ৰ  শিক্ষাগুৰু সকলে  উৎকৃষ্ট মানৱ সম্পদ গঢ়াত যি  নিৰন্তৰ অৱদান আগবঢ়াই যায় সেয়া  অতুলনীয় বুলি কয়। ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া গুনীন দত্তই বক্তব্য ৰাখি অসমৰ সৰ্ববৃহৎ শিক্ষক সংস্থা শিক্ষক সন্মিলনীৰ দৰে শিক্ষক সংগঠনৰ প্ৰয়োজনীয়তা আছে বুলি কৈ  শিক্ষকৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ সন্মিলনীৰ কৰণীয় অধিক বুলি কয়। দত্তই  শিক্ষক সকলে চাকৰি বুলি নকৰি শিক্ষকতা কৰাৰ আহ্বান জনায় শিক্ষকতাৰ নামৰ পবিত্ৰ বৃত্তিৰ বহু সময়ত  স্খলন ঘটা বুলি অভিযোগ তুলি শিক্ষকৰ কৰ্তব্য দায়িত্ব সঠিক ভাবে পালনেৰে গঞা শিক্ষাৰ্থী সকলক উৎকৃষ্ট মানৱ সম্পদ গঢ়াত মনোযোগ দিয়াৰ আহ্বান জনাই।

সন্মিলনীৰ উত্তৰ মণ্ডলৰ সমন্বয়ক দীপাংকৰ কোঁৱৰ , সন্মিলনীৰ প্ৰাক্তন  সভাপতি হেম বৰুৱা ,ৰাজ্যিক উপ সভানেত্রী  ৰুণুমী গোঁহাই আৰু সন্মিলনীৰ অন্তৰ্গত ৫ শতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা মুকলি  সভাত  বিশিষ্ট অতিথি হিচাবে বিশিষ্ট গৱেষক শিক্ষাবিদ ডঃ কেশৱ হাজৰিকাই  মননশীল আৰু তত্বগধূৰ বক্তব্যৰে শিক্ষক সমাজক উপকৃত  কৰে।  অধিৱেশণৰ অন্তিম দিনা সন্ধিয়া অনুষ্ঠিত প্ৰতিনিধি সভাই পৰমা কোঁৱৰক সভাপতি , প্ৰণৱ কুমাৰ শইকীয়া , ইন্দ্ৰ নাথ গগৈক  উপ সভাপতি, লক্ষীমাই  হাজৰিকাক সম্পাদক ,মোহিনী চাংমাইক কোষাধক্ষ্য , ফণী বৰা , গৌৰাংগ  মহন্ত , মনোজ দলেক সহকাৰী সম্পাদক ,ৰেবত গগৈক কাৰ্য্যালয় সম্পাদক  হিচাবে লৈ নতুন পূৰ্ণাংগ জিলা সমিতিখন গঠন কৰা হয় কেন্দ্ৰীয় পৰ্যবেক্ষকৰ  উপস্থিতিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in