ঢকুৱাখনাত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মে-ডাম্ মে-ফি আৰম্ভঃ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকণ, ৰচনা প্ৰতিযোগিতা

ঢকুৱাখনাত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মে-ডাম্ মে-ফি আৰম্ভঃ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকণ, ৰচনা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ছশ বছৰীয়া ৰাজত্বৰে বিশ্বত ইতিহাস ৰচনা কৰা আহোম জনগোষ্ঠীৰ মাংগলিক অনুষ্ঠান মে-ডাম্ মে-ফী ৰাজ্যখনৰ অন্যান্য স্থানৰ লগতে ঢকুৱাখনাতো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। স্বদেশ আৰু স্বজাতিৰ হিতাৰ্থে শতিকাৰ পিছত শতিকা ধৰি পালন কৰি অহা উৎসৱটি উপলক্ষে তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, ঢকুৱাখনাৰ উদ্যোগত কেন্দ্ৰৰ ম'হঘুলি চাপৰিৰ স্থায়ী বাকৰিত বৃহস্পতিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী মতে পুৱা- ৮ বজাত পতাকা উত্তোলন কৰে তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, ঢকুৱাখনাৰ সভাপতি জিতেন গগৈয়ে।

ইয়াৰ পিছতে ৯ বজাত পৰম্পৰাগত পুজা ফুৰালুং কৰে টংকেশ্বৰ গগৈয়ে। ১০ বজাত কিৰণ চমুৱাৰ সঞ্চলনাত অনুষ্ঠিত হ'য় সাহিত্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবোধ বৰগোহাঁঁইয়ে। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ'য় কৰ্মীসভা। সভাখন উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জু গগৈয়ে।

দ্বিতীয় দিনা অৰ্থাৎ ৩১ জানুৱাৰীৰ পুৱা মৈদাম তৰ্পণ কৰিব কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি বিৰেণ সন্দিকৈয়ে। পুৱা ১০ বজাত স্মৃতিগ্ৰন্থ 'বানফাই' উন্মোচন কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে। ১১-৩০ বজাৰ পৰা আৰম্ভ হ'ব লগা মুকলি সভাখন উদ্ধোধন কৰিব ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে অসমৰ লোক- সংস্কৃতিৰ বিশিষ্ট শিল্পী জীনা ৰাজকুমাৰীয়ে অংশগ্ৰহণ কৰিব। উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in