ঢকুৱাখনাৰ ঘিলামৰাত পুনৰ বানৰ সংহাৰ ৰূপ…

ঢকুৱাখনাৰ ঘিলামৰাত পুনৰ বানৰ সংহাৰ ৰূপ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: বছৰৰ প্ৰথমতো বানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাৰ বিশেষকৈ ঘিলামৰা অঞ্চলত বিভীষিকাৰ সৃষ্টি কৰাৰ পাছত পুনৰ বানৰ কৱলত পৰিছে ঘিলামৰাৰ এক বিস্তৃত অঞ্চল। বিশেষকৈ অৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ উফন্দি উঠিছে জীয়াঢল, কুমতিয়া ইত্যাদি পাহাৰীয়া নদীৰ জলপৃষ্ঠ।

জীয়াঢলৰ সৈতে সংযোগ থকা চামপৰা নদীৰ পানী কালিৰ পৰা পুনৰ বাঢ়িব ধৰাত ঘিলামৰাৰ বিস্তৃত অঞ্চলত পুনৰ বানে আৰম্ভ কৰিছে বিভীষিকা। ইতিমধ্যে বুধবাৰে পিছবেলা চামপৰা নদীৰ বাহনী পানীৰ ঢলে উটুৱাই লৈ গৈছিল গড়কাপ্তানী বিভাগে নিৰ্মান কৰা এখন নৱনিৰ্মিত বাঁহৰ দলং। ফলত পুনৰবাৰ ববিঃবিশ্বৰে বিছিন্ন হ'ল বাংক্লেং, কেচেৰুগুৰি, দক্ষিণ গাঁও, কোঁৱৰবাৰী, বালিপুখুৰী আদি বৃহত্তৰ ৰাইজ।

তাতোকৈ ভয়ংকৰ কথা এয়ে যে- সম্পূৰ্ণ এমাহ গৰম বন্ধৰ পাছত বৃহস্পতিবাৰে পুনৰ পাঠদান আৰম্ভ কৰা কথা আছিল যদিও বৃহত্তৰ অঞ্চলৰ শিক্ষাৰ অন্যতম অনুষ্ঠান মধ্য চামপৰা জয়া মধ্য ইংৰাজী বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, কঁঠালগুৰি প্ৰাথমিক বিদ্যালয় এতিয়া পুনৰ পানীৰ তলত। বিদ্যালয়ৰ সমগ্ৰ চৌহদৰ লগতে বিদ্যালয়ৰ ভিতৰত পানী সোমাৱাৰ ফলত ছাত্ৰ ছাত্ৰী কিছু আহিছিল যদিও ঘূৰি যাব লগা হয়।

ইফালে মূল পথৰ দলংখনো বুধবাৰে পুনৰ উটুৱাই নিয়া ফলত শিক্ষক, ছাত্ৰ-ছাত্ৰীসকল এতিয়া বিদ্যালয়লৈ অহাটো অসম্ভৱ হৈ পৰিছে। ইফালে বৰ্তমানলৈ জিলা বা মহকুমা প্ৰশাসনৰ কোনো বিষয়া এই অঞ্চললৈ আহি ভুক্তভোগী ৰাইজৰ খবৰ নোলোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in