সন্মিলিত গণশক্তি অসম দলৰ প্ৰতিষ্ঠা দিৱস পালন…

সন্মিলিত গণশক্তি অসম দলৰ প্ৰতিষ্ঠা দিৱস পালন…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা পঞ্চায়তীৰাজ বিধি ব্যৱস্থাটো ঢকুৱাখনাত চূড়ান্ত প্ৰসহনলৈ পতিত হৈছে। চৰকাৰী গ্ৰামোন্নয়ন আঁচনিৰ নামত অহেতুক ৰাজনৈতিক আৰু প্ৰশাসনিক হস্তক্ষেপ ,  হিতাধিকাৰী তালিকা প্ৰস্তুতৰ বেলিকা শাসক গোষ্ঠীৰ নিকৃষ্ট ৰাজনীতিকৰণ , নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ অজ্ঞাতে , গ্ৰাম সভা অনুষ্ঠিত কৰি অনুমোদন দিয়া আঁচনিৰ পৰিবৰ্তে ক্ষমতাশীল চক্ৰই ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি আঁচনি অনুমোদন কৰা  আদি বিভিন্ন অশুভ কাৰকৰ বাবে ঢকুৱাখনাত পঞ্চায়তীৰাজ ব্যৱস্থাতো  ভেঁকোভাওনালৈ পতিত হৈছে। 

অৰুণোদয় , স্বয়ম , বৃদ্ধ পেঞ্চন , বিধবা পেন্সনৰ পৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইনৰ আঁচনিলৈ , প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা মুখ্যমন্ত্ৰী  কৃষি সা-সঁজুলি , প্ৰধানমন্ত্ৰী কৃষাণ আঁচনিলৈ সৰ্বত্ৰে শাসক গোষ্ঠীৰ নিকৃষ্ট হস্তক্ষেপ চলাৰ বাবে ঢকুৱাখনাত পঞ্চায়ত বিধি ব্যৱস্থাতো ধূলিস্যাত হৈছে। পৰিণতিত চৰকাৰী আঁচনিৰ সাৰ্বজনীনকৰণৰ পৰিবৰ্তে শাসক দলৰ একক সম্পত্তি হিচাবে ব্যৱহৃত হৈ আহিছে। সন্মিলিত গণশক্তি অসম দলৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উপলক্ষত ঢকুৱাখনা ব্লক সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বক্তব্য ৰাখি এই মন্তব্য কৰে  গণশক্তি দলৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাঙে । 

ঢকুৱাখনা নগৰৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত গ্ৰামোন্নয়ন আঁচনিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত বক্তব্য ৰাখি কেন্দ্ৰীয় বিষয়ববীয়া গৰাকীয়ে স্বনিৰ্ভৰশীল আঁচনিৰ লগতে বিভিন্ন চৰকাৰী আঁচনি আৱন্তন, ৰূপায়নৰ বেলিকা  শাসক দলৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা ঢকুৱাখনা ব্লকত বিৰোধী দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ প্ৰতি চৰম বৈষম্য কৰা বুলি অভিজ্ঞতালব্ধ বক্তব্য দাঙি ধৰি নেতাজনে পৰিণতিত গনশক্তি দলৰ নিৰ্বাচিত জন প্ৰতিনিধি সকলে নিৰপেক্ষ ভাবে জনসেৱা আগবঢ়োৱাত অবৰ্ণনীয় প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ অহা বুলি কয় ।

এই ক্ষেত্ৰত নাগৰিকৰ সজাগতা ,সতৰ্কতা  আৰু চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি দিয়াৰো আহ্বান জনায় বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত এনে অবৈধ আৰু পক্ষপাতী ৰাজনৈতিক হস্তক্ষেপ উৎখাত হোৱাৰ আশা প্ৰকাশ কৰে নেতাজনে। গণশক্তি দলৰ ব্ল'ক সভাপতি নৱ কুমাৰ পাতিৰ আৰু ব্লক নাৰী শক্তিৰ সভানেত্রী পূৰ্ণিমলা পেগুৰ সভাপতিত্বত অনুষ্ঠিত দিৱসৰ মুকলি সভাৰ উদ্ধোধন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক কনক কোঁৱৰে। 

দলৰ ৮ খন পঞ্চায়ত সমিতি আৰু এখন নগৰ সমিতিৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা উপস্থিত থকা দিৱসত  মুখ্য অতিথি হিচাবে বক্তব্য আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু খনিকৰে। দিৱসত " জীৱন জীৱিকা" সন্দৰ্ভত জাতিয় সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সংগঠণিক সম্পাদক , উদ্যমী খেতিয়ক যতীন পেগুৱে কৰ্ম সংস্কৃতিৰ জৰিয়তেহে এটা পৰিয়াল, এটা জাতি অথবা কোনো এটা দল সংগঠনৰ বুনিয়াদ শক্তিশালী কৰিব পৰা যায় বুলি কৈ কৰ্মসংস্কৃতিহীন জাতি ,দল কিম্বা সংগঠনৰ ভেঁটি যিমানেই  মজবুত নহওঁক ভৱিষ্যত কিন্তু অন্ধকাৰাচন্ন বুলি মন্তব্য কৰে পেগুৱে। 

জৈৱিক পদ্ধতিৰে আৱাদি পতিত মাটিত উদ্যান শস্য কৰি , ঋতুকালীন খেতি কৰি স্বাৱলম্বন অৰ্থোপাৰ্জনেৰে অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰা পেগুৱে মিচিং সমাজত সততে দেখা পোৱা তাচ ,জুৱা ,মদৰ আড্ডা এৰি নিজ নিজ বাৰীত ঋতুকালীন খেতি কৰি আত্মনির্ভৰ হোৱাৰ লগতে জাতীয় প্ৰাপ্য বিচৰা সংগ্ৰামখন পৰিচালনাৰ ক্ষেত্ৰতো আনৰ ওপৰত হাত নপতাকৈ আগুৱাই নিয়াৰ বাবে আত্মনিয়োগ কৰাৰ আহ্বান জনায়।

মিচিং জাতিয় সংগঠনৰ নেতা বৃগেন দলে , ক্ষীৰোদ পেগু , মোহন পেগু , দিপাঞ্জল দলে , ৰাজীৱ দলে , পঞ্চায়ত প্ৰতিনিধি শিৰোমণি দলে, লক্ষ্য হীৰা দলে , গুনলতা কুটুম পেগু ,মীৰা পেগু দলে , সৰলা পেগু ,দেৱেশ্বৰ পেগু ,গণশক্তিৰ কেন্দ্ৰীয় নেতা নৰ নাথ চণ্ডী, নাৰী শক্তিৰ নেত্ৰী জোনাক দলে ,তনয়া দাস আদিও উপস্থিত থকা দিৱসৰ কাৰ্যসূচী সম অধিকাৰ ,সম উন্নয়ন আৰু সম মৰ্য্যদাক মুলমন্ত্ৰ হিচাবে লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰি এখন ঐক্যবদ্ধ সমৃদ্ধিশালী গণতান্ত্ৰিক অসম গঢ়ি তুলিবলৈ সমাজ বিৰোধী, ন্যস্তস্বাৰ্থ লোভী অশুভ শক্তিক উৎখাত আৰু বিনাশ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in