ঢকুৱাখনাত চাৰিকঢ়িয়া নদীৰ শিহৰণকাৰী খহনীয়াত জাহ গ’ল ৰাম মন্দিৰ

ঢকুৱাখনাত চাৰিকঢ়িয়া নদীৰ শিহৰণকাৰী খহনীয়াত জাহ গ’ল ৰাম মন্দিৰ

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  ঢকুৱাখনা মহকুমাত চাৰিকঢ়িয়া নদীৰ বান গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত আছে।  নদীখনে  পশ্চিম মাছখোৱাৰ পৰা কেঁকুৰী পৰ্যন্ত  বিস্তৃত এলেকাত নিৰবিছিন্ন হাৰত অব্যাহত ৰাখিছে ভয়াৱহ গৰা খহনীয়া ।

শেহতীয়া ভাৱে নদীখনৰ বিধ্বংসী খহনীয়াই পূব ঢকুৱাখনা পঞ্চায়তৰ গোর্খালি নেপালী অঞ্চলতো সন্ত্রাস  সৃষ্টি কৰিছে। নদীখনে অঞ্চলটোত থকা ৰাম মন্দিৰটোৰ লগতে বিস্তীৰ্ণ অঞ্চল কালি উটুৱাই নিয়ে । তাৰোপৰি গাঁওখনৰ চেক বাহাদুৰ কুমালৰ বাৰীৰ  বিস্তীৰ্ণ অংশ গৰ্ভস্থ কৰে ।

সমগ্ৰ অঞ্চলটোত গৰা খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ বিপৰীতে প্ৰশাসনীয় ভাবে কোনো অস্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ নকৰাত  অঞ্চলবাসীয়ে বিনিদ্ৰ ৰজনী কটাইছে ।  সন্ত্ৰস্ত ৰাইজে শীঘ্ৰে এই খহনীয়া গ্ৰস্ত এলেকাত স্থায়ী  বিজ্ঞানসন্মত প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি অঞ্চলটোৰ ভৌগলিক অস্তিত্ব সুৰক্ষিত কৰাৰ আহ্বান জনাইছে ঢকুৱাখনা মহকুমা প্ৰশাসনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in