ঢকুৱাখনা আৱকাৰী বিভাগৰ এজন কোভিডত আক্ৰান্তক লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ঢকুৱাখনা: মাৰাত্মক কোভিড-১৯ৰ সংক্ৰমন অব্যাহত আছে ঢকুৱাখনা মহকুমাত। মহকুমাটোৰ ২৫ গৰাকীকৈ ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ পৰৱৰ্তী সময়ত মঙলবাৰে আৰু দুগৰাকীৰ দেহত এই ৰোগৰ লক্ষণ ধৰা পৰিছে। ঢকুৱাখনা আৱকাৰী বিভাগৰ কনিষ্টবল হিচাবে কৰ্মৰত শান্তনু শৰ্মা (৪৫) ই কিছুদিন ধৰি জ্বৰ, কাঁহত আক্ৰান্ত হৈ থকাৰ পাছত মঙলবাৰে "ৰেপিড এন্টিজেন টেষ্ট" কৰাৰ পাছত ব্যক্তিজনৰ পজিটিভ ফলাফল ওলায়।

সম্প্ৰতি আক্ৰান্ত শৰ্মাক স্বাস্থ্য বিভাগে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে পৰ্যবেক্ষণত ৰখাৰ বাবে। ইপিনে এই গৰাকী ব্যক্তিৰ সৈতে একেলগে ঢকুৱাখনা নগৰৰ আলোক নগৰৰ ভাড়াঘৰত থকা আৱকাৰী বিভাগৰ সহকাৰী পৰিদর্শক গুৱাহাটীৰ অনন্ত ভাগৱতীও আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে।

জনা মতে এইগৰাকী সহকাৰী পৰিদৰ্শক গুৱাহাটীৰ পৰা কৰ্মক্ষেত্ৰ ঢকুৱাখনালৈ অহাৰ পাছৰে পৰা জ্বৰ, কাঁহ, বুকু বিষত আক্ৰান্ত হৈ আছিল। আৱকাৰী পৰিদৰ্শকে কোভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো ভ্ৰূক্ষেপ নকৰাত ভাগৱতীক কৰ্তব্যৰ পৰা ৰেহাই দি ৰাখিছিল। পৰৱৰ্তী সময়ত এইগৰাকী ভাগৱতী গুৱাহাটীৰ ঘৰলৈ ৰাওনা হয় টেষ্ট নকৰাকৈ।

তেনেদৰে একেটা ৰূমতে থকা কনিষ্টবল পুতুল শইকীয়াও এনে জ্বৰত আক্ৰান্ত হোৱাৰ সময়তে টেষ্ট নকৰাকৈ নাৰায়নপুৰৰ ঘৰলৈ মঙলবাৰে ৰাওনা হয় । একেটা কোঠাতে বাস কৰা এগৰাকী ব্যক্তিৰ দেহত এই ৰোগৰ লক্ষণ ধৰা পৰাৰ পাছত অন্য দুগৰাকী ব্যক্তিও আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে যদিও এইদুজনৰ 'ৰেট' অদ্যপি কৰা হোৱা নাই। ইপিনে ঘিলামৰা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ধেনুখনা হিলৈদাৰী গাঁৱৰ গুৱাহাটী ফেৰৎ যুৱক প্ৰিয়াংশু গগৈ(১৯)ৰ দেহত এই সংক্ৰমন ধৰা পৰিছে। এইজন যুৱকক "হোম আইচলেচন"ত ৰখাৰ ব্যৱস্থা কৰিছে ঘিলামৰা স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in