ঢকুৱাখনাত বাহিৰৰ ঠিকাদাৰৰ লুণ্ঠন, নিম্নমানেৰে মুগা ফাৰ্মৰ “কমিউনিটি হল” নিৰ্মাণ, ৩৫ লাখ টকীয়া গৃহ নিৰ্মাণত ব্যাপক অনিয়ম

ঢকুৱাখনাত বাহিৰৰ ঠিকাদাৰৰ লুণ্ঠন, নিম্নমানেৰে মুগা ফাৰ্মৰ “কমিউনিটি হল” নিৰ্মাণ, ৩৫ লাখ টকীয়া গৃহ নিৰ্মাণত ব্যাপক অনিয়ম

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ দুৰ্নীতি-অনিয়মেই এতিয়া নীতিত পৰিণত হৈছে ৰাজ্যত। পৰিবৰ্তনকামী চৰকাৰখনৰ পৰা ৰাইজে বাট পথৰ উন্নয়নৰ লগতে অন্যান্য সকলো দিশতে উন্নয়ন আশা কৰিছিল যদিও এতিয়া প্ৰতিটো চৰকাৰী আঁচনিয়েই একাংশ বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। মন্ত্ৰী নৱ দলেৰ গৃহ সমষ্টি ঢকুৱাখনাত কেৱল পঞ্চায়ততে নহয় বাকী চৰকাৰী বিভাগ সমূহতো চলিছে উন্নয়নৰ নামত ব্যাপক লুণ্ঠন। বিশেষকৈ গড়কাপ্তানী বিভাগৰ একাংশ ঠিকাদাৰ আৰু অভিযন্তাৰ মিতিৰালিৰ ফলতে শেহতীয়াকৈ চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামটো ব্যাপক লুণ্ঠন সংঘটিত হৈছে ঢকুৱাখনাত।

উল্লেখ্য যে, সোণালী মুগা সূতাৰ বাবে বিখ্যাত ঢকুৱাখনাৰ মুগা শিল্পক অধিক বজাৰমুখী কৰা উদ্দেশ্য বিজেপি চৰকাৰখনে ঢকুৱাখনা মহাবিদ্যালয়ৰ সমীপৰ মুগা ফাৰ্মত আজিৰ পৰা তিনি বছৰ পূৰ্বেই এখন বিশেষ আঁচনি ৰূপায়ন কৰা উদ্দেশ্য দুটি ভৱন নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰে এটা বিভিন্ন সঁচৰ মুগা ৰাখিবৰ বাবে "মুগা বেংক" আৰু এটা ভৱন ঢকুৱাখনাৰ শিপিনী সকলে তাতশাল লগাই মুগা কাপোৰ বিক্ৰী কৰিবৰ বাবে "কমিউনিটি হল" নিৰ্মাণৰ ব্যৱস্থা কৰিছিল। ইয়াৰে মুগা বেংকৰ বনোৱা গৃহতোৰ প্ৰায় ৬০ শতাংশ কাম ইতিমধ্যে শেষ হৈছেই। ইমানলৈ সকলো ঠিকেই আহিল। কিন্তু বাকী যিটো ভৱনৰ নিৰ্মাণ বৰ্তমানেও লেহেমীয়া আৰু অতি নিম্নমানেৰে চলি আছে তাক দেখি ঢকুৱাখনাৰ মুগাপালক সকল সতচকিত হৈ পৰিছে।

কাৰণ যিগৰাকী গুৱাহাটীৰ ঠিকাদাৰ শশাংক কুমাৰ ডেকাই ৩৫ লাখ টকাৰ এই কামটো লাভ কৰিছিল তাত প্ৰথমৰ পৰাই অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। লক্ষণীয় বিষয় এয়ে যে, এইগৰাকী ঠিকাদাৰে কামটো পাইছিল যদিও ইয়াত 'চাব-কনট্ৰেক্টৰ' হিচাপে বৰ্তমান কামটো ধেমাজিৰ বৰডলনীৰ প্ৰদীপ চুতীয়া নামৰ এজন ঠিকাদাৰেহে কৰি আছে। মূল ঠিকাদাৰ আৰু লখিমপুৰ গড়কাপ্তানী(গৃহ) সংমণ্ডলৰ বিভাগীয় অভিযন্তাই আজিলৈকে পৰিদৰ্শন কৰিবলৈ নহা এই কামটোত মিস্ত্রীয়ে যি কৰিছে কৰক নীতিৰে অতদিনে চলি আছে বুলি জানিব পৰা গৈছে। আৰু ইয়াৰ বাবেই সীমাহীন বিসংগতিৰ মাজত ঠিকাদাৰ প্ৰদীপ চুতীয়াই ভৱনতো নিৰ্মাণ কৰিছে বুলি জানিব পৰা গৈছে।

ৰাইজৰ অভিযোগৰ ভিত্তিত এই প্ৰতিবেদকে ঘৰটো প্ৰত্যক্ষ কৰাত নিম্ন মানৰ কাম কৰাটো প্ৰায় স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, ভৱনটোত অতি নিম্ন মানৰ ইটা ব্যৱহাৰ কৰাই নহয়, তাত স্থানীয় নদীৰ বালি ব্যৱহাৰ কৰাৰ লগতে পকা কামত সঠিক পৰিমাণৰ চিমেণ্ট ব্যৱহাৰ নকৰি বালি অধিক ব্যৱহাৰ কৰা ফলত বহু ঠাইত বালি সমূহ স্পষ্টকৈ ওলাই আহিছে। লগতে মাটিৰ পৰা ১০ ইন্সিৰ ৱাল গাঁঠি তাৰ ওপৰত বিম মৰা পৰিবৰ্তে কিছু ঢালাই কৰিয়েই তাৰ ওপৰত মূল ভৱনৰ ইটা গাঁঠি দিছে।

লগতে ইয়াৰ খিৰিকী সমূহত যিবোৰ লোহাৰ গিল লগাইছে বেছিভাগেই সঠিক কৈ স্থাপন নকৰাত বাহিৰলৈ ওলাই আহিছে। ইফালে গৃহটোৰ খুটাবোৰ প্ৰথমেই বনাই লোৱাৰ পৰিবৰ্তে ইটা গাঁথনি মৰা পাছত খুঁটা সমূহ নিৰ্মাণ কৰা বাবে বেছিভাগ খুঁটাৰ ভিতৰৰ ৰদ সমূহ বাহিৰত ওলাই আছে।

কেৱল ইমানেই নহয় বাহিৰৰ ফালে নিৰ্মাণ কৰা ছাজাৰ সমূহৰ বিভিন্ন অংশ ইতিমধ্যে খহি পৰাই নহয়, খিৰিকীৰ ওপৰৰ বহু বিমতো ফাট মেলি খহি পৰাৰ উপক্ৰম হৈছে ইতিমধ্যে। তাতোকৈ লক্ষণীয় বিষয় এয়ে যে, এইগৰাকী ঠিকাদাৰে ভৱনতোৰ মূল ৱালৰ কাষতে মুগা ফাৰ্মৰ মাটিত এটা প্ৰকাণ্ড খাল খান্দি তাৰ মাটি ভৱনতোৰ ভিতৰত ভৰোৱাৰ ফলত এতিয়া যিকোনো মুহূৰ্ততে ভৱনৰ ৱাল খহি পৰাৰ সম্ভাৱনাই দেখা দিছে।

এতিয়া সময় থাকোতেই যদি ঢকুৱাখনাৰ মহকুমাধিপতি গৰাকীয়ে এই ঠিকাদাৰ গৰাকীক নাকী লগাবলৈ সক্ষম নহয় তেতিয়াহলে জোৰাতাপলি মৰা কামৰ ওপৰত পকা প্লাষ্টাৰ কৰিয়েই যে আঁচনিৰ অধিকাংশ ধন আত্মসাত কৰিব সেয়া নিশ্চিত।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in