ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াত স্বচ্ছতাই সেৱা আৰু প্লাষ্টিক বৰ্জন অভিযানৰ সামৰণি…

ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াত স্বচ্ছতাই সেৱা আৰু প্লাষ্টিক বৰ্জন অভিযানৰ সামৰণি…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ "স্বচ্ছতাই সেৱা" এই শ্ল'গানক সাকাৰ ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত হাতে-কামে কৰি দেখুৱালে লখিমপুৰৰ ঘিলামৰা নেহৰু যুৱ কেন্দ্ৰৰ একাংশ সদস্যই। কেন্দ্রটোৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক উজ্জ্বল দাস আৰু সোৱণশিৰি উদ্যমী যুৱক যুৱতীসকলৰ উদ্যোগত বেবেজীয়া ‌চাৰিআলিত স্বচ্ছ ভাৰত অভিযান , প্লাষ্টিক ব্যৱহাৰ বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰি সকলোকে পুনৰবাৰ এই আন্দোলনত যোগ দিবলৈ সজাগ কৰিলে যুৱকসকলে।

উল্লেখযোগ্য যে মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন সফল কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা পদক্ষেপক সন্মান জনাই আজি পুৱাই মৰনৈ বেবেজীয়া চাৰিআলিত অঞ্চলতোৰ সকলো যুৱক যুৱতীয়ে হাতত ঝাৰু,বাঢ়নি, বেলছা , লাঠি লৈ ব্যস্ত হৈ পৰিল লেতেৰা-আৱৰ্জনাসমূহ আঁতৰ কৰাত ।

এখন পৰিষ্কাৰ-পৰিচ্ছন্ন অঞ্চল হিচাবে গঢ়ি তুলিবলৈ প্ৰতিজন সচেতন নাগৰিকে স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ হৈ আৰু প্লাষ্টিক বৰ্জন কৰিলেহে সকলোৱে মনবোৰ ফৰকাল, নিৰোগী তথা ব্যক্তিসকল সু স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে ঠাইখনি দেখিবলৈ ধুনীয়া লাগিব বুলি মনপোষণ কৰে উজ্জ্বল দাসে। জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে শেহতীয়াকৈ হলেও বেবেজীয়া চাৰিআলিৰ লগতে বিভিন্ন স্থানত চাফাই অভিযান কৰি এখন সুন্দৰ আৰু পৰিষ্কাৰ অঞ্চল গঢ়ি তুলিবলৈ সকলোৱে আগবাঢ়ি আহিব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যুৱক সকলে।

মহামানৱ মহাত্মা গান্ধীৰ সপোনৰ "স্বচ্ছ ভাৰত" বাস্তবায়িত কৰাৰ নিমিত্তে ২০১৪ বৰ্ষৰ দুই অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা " স্বচ্ছ ভাৰত অভিযান আৰু ৰাজ্য চৰকাৰে আৰম্ভ কৰা স্বচ্ছতাই সেৱা অভিযানক গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা স্বচ্ছ ভাৰত আৰু স্বচ্ছতাহী সেৱা অভিযানত বেবেজীয়া চাৰিআলিৰ চৌপাশে পৰিষ্কাৰ কৰা কাৰণে ব্যৱসায়ী সন্থাৰ লগতে উপস্থিত থকা স্থানীয় ৰাইজে যুৱকসকলক শলাগ লয় আৰু আগলৈ এনেদৰে আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে। উক্ত অভিযানত উজ্জ্বল দাস, প্ৰেমধৰ মিলি, হৰি প্ৰসাদ চুতীয়া, আৰু নিৰঞ্জন পাৰ্মেৰ লগতে প্ৰায় ৩০ গৰাকীমান যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in