কোভিড প্ৰট’কল মানি বটদ্ৰৱাটো দেৱী বিসৰ্জন…

কোভিড প্ৰট’কল মানি বটদ্ৰৱাটো দেৱী বিসৰ্জন…

ডিজিটেল সংবাদ, বটদ্ৰৱা : সোমবাৰে বিজয়া দশমী। কোভিড প্ৰট'কল মানি চাৰিদিন পুজা অৰ্চনা কৰাৰ পিচত সোমবাৰে বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন হয়। সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাৰ সমীপৱৰ্তী সোনাই পাৰ গৌৰীনাথ শিৱমন্দিৰত আৰম্ভ হৈছে বিসৰ্জনৰ কাম৷

কোৰোনা ভাইৰাছৰ আতংকৰ বাবে অনুষ্টুপীয়াকে আয়োজন কৰা গৌৰীনাথ শিৱমন্দিৰত এইবেলি দেৱী দুৰ্গাৰ মূৰ্তি পূজাৰ পৰিবৰ্তে ঘট পূজাৰে সম্পন্ন হয় পূজা। সোমবাৰে দশমী উপলক্ষে গৌৰীনাথ শিৱমন্দিৰত ভক্ত-বৈষ্ণবে পূজা অৰ্চনাৰে সীমিত সংখ্যক লোকৰ উপস্থিতিত ঐতিহ্যমণ্ডিত সোনাই নৈত ঘট আৰু নৱপত্ৰিকা বিসৰ্জন সম্পন্ন হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in