বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে দুঃখবৰ! কোৰোনাত আক্ৰান্ত দেবেন্দ্ৰ ফড়নবিছ…

বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে দুঃখবৰ! কোৰোনাত আক্ৰান্ত দেবেন্দ্ৰ ফড়নবিছ…

ডিজিটেল ডেস্কঃ বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ আহিল এক দুঃখবৰ। বিহাৰৰ বিজেপিৰ প্ৰভাৰী দেবেন্দ্ৰ ফড়নবিছ আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডী, পাৰ্টী প্ৰবক্তা শ্বাহনৱাজ হুছেইন আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডী আক্ৰান্ত হৈছিল কোৰোনাত।

শনিবাৰে টুইটাৰযোগে এই কথা সদৰী কৰে ফড়নবিছে। তেওঁ টুইটাৰত কয়- 'মোৰ কোৰোনা পজিটিভ ধৰা পৰিছে। মই নিজকে আইছ'লেশ্যন কৰিছো। আৰু চিকিৎসকৰ পৰামৰ্শমৰ্মে ঔষধ লৈ আছো।' উল্লেখ্য যে, অহা ২৮ অক্টোবৰত প্রথম পৰ্যায়ৰ বিহাৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in