গেলামালৰ দোকানৰ পৰা ঢলা-শদিয়া দলং… কেনেকৈ ৰক্তাক্ত হ’ল খেৰবাৰী?

গেলামালৰ দোকানৰ পৰা ঢলা-শদিয়া দলং… কেনেকৈ ৰক্তাক্ত হ’ল খেৰবাৰী?

ডিজিটেল সংবাদ, ছৈখোৱাঃ নিৰীহৰ তেজেৰে আকৌ ৰাঙলী হ'ল আই অসমী। নাগৰিকত্ব আইনৰ সংশোধন ঘটাই অসম চুক্তিক উপেক্ষা কৰিবলৈ চৰকাৰীভাৱে চলি থকা যো-জাকলৈ চৌদিশে চেপা উত্তেজনা অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে নিশা গুলীৰ শব্দত কঁপি উঠে তিনিচুকীয়া।

জিলাখনৰ ছৈখোৱাঘাট থানাৰ অন্তৰ্গত বিছনামুখ খেৰবাৰীত অচিনাক্ত দুৰ্বৃত্তই নিৰ্বিচাৰভাৱে চলোৱা গুলীচালনাত থিতাতে নিহত হয় ৫জনকৈ ভাষিক সংখ্যালঘু। এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

• কিদৰে সংঘটিত হৈছিল আক্ৰমণঃ

সময় তেতিয়া নিশা ৭.৩০ মিনিট। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত খেৰবাৰী গাঁৱত থকা শ্যামল বিশ্বাসৰ গেলামালৰ দোকানত বহি ভাগৰ জিৰাই আড্ডা দিছিল সুবল দাস, ধনঞ্জয় নমঃশুদ্ৰ, ১৭ বছৰীয়া ছাদু বিশ্বাস, অনন্ত বিশ্বাস আৰু অবিনাশ বিশ্বাসে। সেই সময়তে সেনাৰ পোছাকত অহা ৭জনীয়া দল এটা দোকানখনৰ কাষ চাপি আহে।

সেনাৰ পোছাকত অহা দলটোক দেখি তেওঁলোকে সেনা বুলিয়েই ধৰি লয়। হিন্দীতে দলটোৰ এজন সদস্যাই তেওঁলোকক লগত যাবলৈ নিৰ্দেশ দিয়ে। বন্দুকধাৰী সেনা সদৃশ দলটোৰ নিৰ্দেশ অমান্য কৰাৰ সাহস কৰিব নোৱাৰি আটাইকেইজনে একেষাৰে সেই নিৰ্দেশ মানি একেলগে খোজ লয়।

বন্দুকধাৰী দলটোৱে তেওঁলোকক লৈ যায় ঢলা-শদিয়াস্থিত ভূপেন হাজৰিকা সেঁতুৰ সমীপলৈ। নিশা প্ৰায় ৮ বজাত দলংখনৰ পৰা ৫০০ মিটাৰ নিলগত আটাইকেইজনকে শাৰী পাতিবলৈ কৈ বন্দুকধাৰী দলটোৱে নিৰ্বিচাৰে গুলী চলাই কিছু দূৰৈত ৰাখি থোৱা গাড়ীৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

দুৰ্বৃত্তৰ দলটোৱে গুলী চলোৱাৰ সময়ত ভয়তে বাগৰি পৰে ১৭ বছৰীয়া ছাদু বিশ্বাস। বাগৰি পৰি শুই দিয়াত গুলী লাগি মৃত্যু হোৱা বুলি ধৰি লয় বন্দুকধাৰীকেইজনে। সকলো ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰি মৃত্যুৰ মুখৰ পৰা ওভতি আহি এতিয়া ভয়ত কঁপি আছে যুৱকজন।

স্থানীয় লোকসকলে জনোৱামতে, নিহত ৫জনৰ মাজত দুজন হৈছে ভাই-ককাই। তেওঁলোক হৈছে অনন্ত বিশ্বাস আৰু অবিনাশ বিশ্বাস। নিহত আটাইকেইজনেই দিনটো বিভিন্ন কাম-বন কৰি পৰিয়াল পোহপাল দি কোনোমতে পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰি আহিছিল।

পূৰ্বতেও গাঁওখনলৈ এনেদৰে সেনাবাহিনীয়ে আহি তহল দিয়াৰ লগতে বিভিন্ন বিষয়ক লৈ সোধ-পোছ কৰাত আজি গাঁওখনত সেনাৰ পোছাকত প্ৰৱেশ কৰা দুৰ্বৃত্তৰ দলটোক কোনো সন্দেহ অবিহনেই সেনা বুলিয়েই ধৰি লৈছিল আটাইকেইজনে। পিছে সেই ধাৰণাই যেন কাল হ'ল আটাইকেইজনৰ বাবে।

• বৰ্তমান পৰিস্থিতি কেনেঃ

ঘটনাৰ পিছতে সমগ্ৰ তিনিচুকীয়াতে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। ইতিমধ্যে প্ৰশাসনে ভূপেন হাজৰিকা সেতুৰে যান-বাহনৰ চলাচল সাময়িকভাৱে বন্ধ ৰাখি দুৰ্বৃত্তৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘটনাস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হোৱাৰ লগতে মোতায়েন কৰা হৈছে শতাধিক নিৰাপত্তাৰক্ষী।

নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজত সমগ্ৰ অঞ্চলটোত শুনা গৈছে নিহতসকলৰ আত্মীয়ৰ হিয়াভগা কান্দোনৰ ৰোল। সেই কান্দোনৰ ৰোলত কঁপি উঠিছে অসংখ্যাজনৰ বুকু।

ঘটনা সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে। মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈকো ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

• ঘটনাত আলফা স্বাধীন জড়িত আছে নেকিঃ

স্থানীয় লোকসকলে সেনাৰ পোছাকত অহা দুৰ্বৃত্তৰ দলটোক আলফা স্বাধীনৰ সদস্য বুলিয়েই সন্দেহ প্ৰকাশ কৰিছে। পূৰ্বেও বিদ্ৰোহী সংগঠনটোৱে জিলাখনত ভাষিক সংখ্যালঘুৰ ওপৰত আক্ৰমণ সংঘটিত কৰালৈ চাই অধিকাংশ লোকে এই সন্দেহ কৰা পৰিলক্ষিত হৈছে যদিও এই পৰ্যন্ত কোনো সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই। আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈকে প্ৰকাশ কৰা নাই কোনো তথ্য।

• দল-সংগঠনৰ প্ৰতিক্ৰিয়াঃ

ইফালে, ঘটনা সন্দৰ্বত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ ভিন্ন দল-সংগঠনে। কৃষক নেতা অখিল গগৈয়ে উক্ত ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি চৰকাৰৰ ভুলৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলি দাবী কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো উক্ত ঘটনাৰ বাবে চৰকাৰকে জগৰীয়া কৰিছে।

প্ৰৰোচনামূলক মন্তব্যৰে বিভিন্ন পক্ষই অস্থিৰ পৰিৱেশ সৃষ্টি কৰা সত্বেও চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততে আজিৰ এই ঘটনা সংঘটিত হ'বলৈ পালে বুলি উল্লেখ কৰি অসমবাসীক আৰু অধিক এনে ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে সজাগ হৈ থাকিবলৈ আহ্বান জনায় কংগ্ৰেছ নেতাজনে।

এই ঘটনাক গৰিহণা দিছে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ো। ঘটনা সন্দৰ্ভত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই সকলোকে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায় সাহিত্য সভাৰ সভাপতিগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in