দেওপাহাৰ সংৰক্ষিত বনাঞ্চল ঘোষণাৰ দাবী জ্যেষ্ঠ সাংবাদিক-পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ…

দেওপাহাৰ সংৰক্ষিত বনাঞ্চল ঘোষণাৰ দাবী জ্যেষ্ঠ সাংবাদিক-পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ…

ডিজিটেল ডেস্কঃ ১৯৯৯ চনতে প্ৰস্তাৱিত বনাঞ্চলৰ মৰ্যাদা লাভ কৰা দেওপাহাৰ বনাঞ্চলক আজি পৰ্যন্ত সংৰক্ষিত বনাঞ্চলৰূপে মৰ্যাদা লাভ নকৰিলে। এইক্ষেত্ৰত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহাৰ ফলশ্ৰুতিত সেই সময়ত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে মৰ্যাদা লাভ কৰিছিল।

কিন্তু দুৰ্ভাগ্যজনক ভাৱে ২২ বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰস্তাৱতি সংৰক্ষিত বনাঞ্চল দেওপাহাৰে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা লাভৰ গেজেট নটিফিকেচন লাভ কৰা নাই। সেয়েহে সোমবাৰে গোলাঘাটৰ পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে গোলাঘাটৰ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক এক স্মাৰক পত্ৰৰ জৰিয়তে ঐতিহাসিক দেওপাহাৰক সংৰক্ষিত মৰ্যাদা প্ৰদানৰ দাবী তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in