দেশজোৰা ‘কা’ বিৰোধী সংগ্ৰামৰ পৰিণতিঃ বিশ্বৰ গণতন্ত্ৰৰ সূচকত অৱনমিত ভাৰতৰ স্থান…

দেশজোৰা ‘কা’ বিৰোধী সংগ্ৰামৰ পৰিণতিঃ  বিশ্বৰ গণতন্ত্ৰৰ সূচকত অৱনমিত ভাৰতৰ স্থান…

দেশ-বিদেশত সংশোধিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। কিন্তু শেহতীয়াকৈ কা বিৰোধী আন্দোলনৰ নামত সংঘটিত হৈছে বহু হিংসাত্মক ঘটনা। এফাল চৰকাৰৰ আকোৰগোঁজ স্থিতি আৰু আনফালে আইনখন বাতিলৰ দাবীত জনতাৰ প্ৰতিবাদ। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে বিশ্বৰ ডেমক্ৰেচি ইনডেক্সত অৱনমিত হৈছে ভাৰতৰ স্থান । এই বিষয়ৰ সন্দৰ্ভত মণ্টুচ্ কোঁৱৰৰ মোৰ মত…

দেশ শাসনৰ নামত বিজেপি চৰকাৰৰ  চূড়ান্ত স্বৈৰাতান্ত্ৰিক চৰিত্ৰৰ বাবে সম্প্ৰতি কা বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ লৈছে । চৰকাৰৰ আকোৰগোজ স্থিতিৰ ফলত দেশৰ প্ৰতিটো প্ৰান্তত এতিয়া বিয়পি পৰিছে কা বিৰোধী প্ৰতিবাদৰ জুই । ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ আৰু আন্দোলনৰ প্ৰতি নুন্যতম সন্মান প্ৰদৰ্শন নকৰাৰ পৰিণতিতেই বৰ্তমান বিশ্বৰ ডেমক্ৰেচি ইনডেক্স অৰ্থাৎ গণতন্ত্ৰ সূচক তালিকাত ভাৰতৰ স্থান অৱনমিত হৈছে ।

স্বাভাৱিকতে বিশ্বৰ বৃহত্তম গণতন্ত্ৰ দেশ ভাৰতৰ বাবে ই অত্যন্ত লজ্জাৰ বিষয় । অলপতে প্ৰকাশ পোৱা ২০১৯ চনৰ বিশ্বৰ ইকনমিষ্ট ইন্টেলিজেন্স ইনডেক্সৰ মতে  ৱল্ড ডেমক্ৰেচি ইনডেক্সত ভাৰতৰ স্থান অৱনমিত হোৱা মুখ্যতঃ তিনিটা কাৰণ  । ইয়াৰে প্ৰথমটো হৈছে জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা । দ্বিতীয়টো এন আৰ চি  আৰু  তৃতীয়টো  নাগৰিকত্ব সংশোধনী আইন কা । সংবিধানৰ পৰিপন্থীন আইন প্ৰণয়নৰ জৰিয়তে বিজেপি চৰকাৰে নাগৰিকৰ অধিকাৰ দমনৰ পৰিণতিতেই বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতত আজি গণতন্ত্ৰৰ সূচকৰ অৱনমিত  এনেদৰে হবলৈ ধৰিছে ।

বিশ্বৰ গণতন্ত্ৰ সূচক স্কেলত বৰ্তমান ভাৰতৰ স্থান ৬.৯  পইন্ট । অৰ্থাৎ পৃথিৱীৰ ১৬৫ খন দেশৰ ভিতৰতে ভাৰতৰ স্থান হ'ল ৫১ সংখ্যক । দেশৰ ৰাজধানী দিল্লীত বিগত দিনকেইটাত হোৱা  প্ৰতিবাদী আন্দোলনে হিংসাত্মক ৰূপ লোৱালৈ চাই ২০২০ বৰ্ষত ই আৰু অৱনমিত হোৱাৰ সম্ভাৱনা আছে । বিজেপি চৰকাৰে দ্বিতীয় কাৰ্যকালৰ প্ৰথমেই তেওঁলোকে  কাশ্মীৰবাসীৰ স্বাভিমানক আঘাট কৰি সম্পূৰ্ণ স্বৈৰাতান্ত্ৰিকভাৱে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰি সুস্থ মূল্যবোধৰ গণতন্ত্ৰক সমাধিস্থ কৰে । 

আনহাতে জম্মু আৰু কাশ্মীৰক  দ্বিখণ্ডিত সামৰিক বাহিনীৰ দ্বাৰা কাশ্মীৰৰ সমস্যা সমাধানৰ নামত নাগৰিকৰ মৌলিক অধিকাৰৰ খৰ্ব কৰা বুলি আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰত ইতিমধ্যে সমালোচিত হৈছে । এখন গণতান্ত্ৰিক দেশত নাগৰিকৰ অধিকাৰ  আৰু স্বাধীনতা হ'ল গণতন্ত্ৰৰ মূল আধাৰ । এনেক্ষেত্ৰত যেতিয়াই এখন চৰকাৰে নাগৰিকৰ সেই অধিকাৰ খৰ্ব কৰিব  তেতিয়াই দেশৰ গণতান্ত্ৰিক সূচক অৱনমিত হোৱাটো তেনেই স্বাভাৱিক ।

ভাৰতৰ ক্ষেত্ৰত এই কথাই  এতিয়া ঘটিবলৈ ধৰিছে । কেৱল উগ্ৰ হিন্দুত্ববাদ আৰু ৰাষ্ট্ৰভক্তিৰ নামত গণতান্ত্ৰিক প্ৰমূল্যবোধক এক প্ৰকাৰ জলাঞ্জলি দি এটা জাতি আৰু এখন দেশ কেতিয়াও বিকাশৰ পথত আগুৱাই যাব নোৱাৰে । যদিহে চৰকাৰে নাগৰিকৰ অধিকাৰ আৰু আন্দোলনক যথোচিত সন্মান প্ৰদৰ্শন কৰিব নাজানে । চৰকাৰৰ জনবিৰোধী নীতি, আন্দোলন দমনৰ নামত যেনেদৰে মানৱাধিকাৰ খৰ্বৰ কৰিবলৈ আৰম্ভ কৰিছে হয়তো ভাৰতে বিশ্বৰ বৃহত্তম গণতন্ত্ৰ বুলি লাভ কৰা সেই সন্মানীয় চৰিত্ৰ হেৰুৱাবলৈ বেছি বছৰ নালাগিব ।

বৰ্তমান সময়ত আটাইতকৈ লক্ষণীয় কথাটো হৈছে যে যিখন দেশে ১৯০ বছৰীয়া ব্ৰিটিছৰ গোলামী শাসনৰ পৰা  দীঘলীয়া গণ আন্দোলনৰ জৰিয়তে গণতন্ত্ৰ মূল্যবোধ আৰু স্বাধীনতা লাভ কৰিছে সেইখন পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতত আৰ এছ এছ নামৰ এক ৰক্ষণশীল ধৰ্মীয় সংগঠনৰ আদৰ্শক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত  এতিয়া বিজেপি দলে  গোপন এজেণ্ডাৰ ৰূপায়ন কৰিবলৈ গৈ স্বৈৰাতান্ত্ৰিক শাসনেৰে দেশৰ ভৱিষ্যত স্বৰূপ ছাত্ৰসকলৰ কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰিছে ।

কেৱল কণ্ঠৰোধ কৰাই নহয় চৰকাৰে ক্ৰুৰতা আৰু দমনমূলক নীতিৰে গণতন্ত্ৰক হত্যাৰ চেষ্টা অব্যাহত ৰাখিছে তাৰ শেহতীয়া উদাহৰণ হল ৱল্ড ডেমক্ৰেচিত ইনডেক্স ভাৰতৰ স্থান এনেদৰে অৱনমিত হোৱা । অৱশ্যে সম্পূৰ্ণ গণতান্ত্ৰিক দেশ নহয়ো সাম্যবাদী দেশ চীন আৰু কোৰিয়া  গণতন্ত্ৰ সূচকত এইক্ষেত্ৰত ভাৰতকৈ ওপৰত স্থান লাভ কৰিছে।

(সাম্প্ৰতিক বিভিন্ন বিষয়ৰ সন্দৰ্ভত আপুনিও আপোনাৰ মত আমালৈ পঠিয়াব পাৰে। সকলোবোৰ দিশ পৰ্যালোচনা কৰি আপোনাৰ মতো অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰকাশৰ দিহা কৰা হ'ব। আপোনাৰ মত ৬০০০৯৫৩৪৩৪ হোৱাটছ এপ নম্বৰত আমালৈ প্ৰেৰণ কৰিব পাৰে।)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in