সংস্কৃতি-ক্ৰীড়া জগতৰ অনন্য প্ৰতিভাৰ অধিকাৰী মালিতা গগৈক শিল্পী পেন্সন দিয়াৰ দাবী…

সংস্কৃতি-ক্ৰীড়া জগতৰ অনন্য প্ৰতিভাৰ অধিকাৰী মালিতা গগৈক শিল্পী পেন্সন দিয়াৰ দাবী…

ডিজিটেল সংবাদ, জোনাই: অসমীয়া সংস্কৃতিৰ লগত গভীৰভাৱে সম্পৃক্ত এগৰাকী আশীতাপৰ সাদৰ মহিলাৰ নাম- মালিতা গগৈ। বিশেষকৈ নাকেৰে পেঁপা আৰু বাঁহী বজাব পৰা অনন্য তথা অসাধাৰণ সাংস্কৃতিক প্ৰতিভাৰ অধিকাৰী মালিতা গগৈয়ে অসমীয়া সংস্কৃতিক সমৃদ্ধ-জীপাল কৰিছে। কিন্তু ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইৰ মহকুমাৰ সংস্কৃতি আৰু ক্ৰীড়া জগতৰ অনন্য প্ৰতিভাৰ অধিকাৰী আশীতাপৰ বৰেণ্য মহিলা মালিতা গগৈ আজিও চৰকাৰৰ বৰ ঘৰৰ পৰা উপেক্ষিত, অৱহেলিত হৈ আছে।

সংস্কৃতি আৰু ক্ৰীড়া জগতত অনন্য প্ৰতিভা দেখুওৱাবলৈ সক্ষম হোৱা মালিতা গগৈয়ে আজিও চৰকাৰৰ অৱজ্ঞাত শিল্পী পেন্সন পাবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে জোনাই মহকুমা সদৰৰ উদয়পুৰ গাঁৱৰ নিবাসী তথা প্রাক্তন আৰক্ষী কনিষ্টবল দেৱেন গগৈৰ পত্নী মালিতা গগৈয়ে ১৯৮১ চনৰ পৰাই জোনাই, ধেমাজিৰ লগতে অসমৰ বিভিন্ন ঠাইৰ সাংস্কৃতিক অনুষ্ঠানত বিহুনাম, বনগীত, লোকগীত, গগনা, পেঁপাবাদন, বাঁহীবাদনেৰে দৰ্শকক মনোৰঞ্জন দি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে বহু পুৰস্কাৰ আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ নাকেৰে পেঁপা আৰু বাঁহী বজাব পৰা অনন্য তথা অসাধাৰণ সাংস্কৃতিক প্ৰতিভাৰ বাবে মালিতা গগৈয়ে বহু প্ৰশংসা আৰু মান বুটলিবলৈ সক্ষম হৈছে।

তদুপৰি আশীতাপৰ মালিতা গগৈয়ে প্ৰবীণ ক্ৰীড়াৰ ক্ষেত্ৰতো বহু সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৯৪০ চনত ডিব্ৰুগড় জিলাৰ বুঁঢ়ীখোৱাঙত জন্মলাভ কৰা মালিতা গগৈয়ে সংস্কৃতিৰ উপৰি খেল জগততো ৯০ দশকৰ পৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীন এথলেটিকছৰ বিভিন্ন প্রতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিব জোনাই-ধেমাজিৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বিশেষকৈ ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কর্ণাটক, কানপুৰ, বেংগালুৰু, মহাৰাষ্ট্ৰ, মণিপুৰ, চণ্ডীগড়, মহীশূৰ আদিত অনুষ্ঠিত প্ৰবীন (ভেটার্ন) এথলেটিকছত ৪০০, ৮০০, ১৫০০ মিটাৰ দৌৰত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ শতাধিক পদকেৰে কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। এনেদৰে বিভিন্ন সাংস্কৃতিক মঞ্চৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰবীন এথেলেটিকছত অংশগ্ৰহণ কৰি মালিতা গগৈয়ে ডেৰ শতাধিক পদক আৰু মানপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে নাকেৰে পেঁপা, বাঁহী বজাই অনন্য শিল্পী প্ৰতিভাৰ পৰিচয় দিয়া আৰু ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰাষ্ট্ৰীয় প্ৰবীন এথেলেটিকছত অংশগ্ৰহণ কৰি বহু পদক অৰ্জন কৰি অসমক গৌৰৱান্বিত কৰা মালিতা গগৈ আজিও চৰকাৰৰ অৱজ্ঞাৰ ফলত শিল্পী বা ক্ৰীড়া পেন্সনৰ লাভৰ পৰা বঞ্চিত হৈ আছে।

পাৰদৰ্শিতাৰে সুকীয়া স্থান দখল কৰি ক্রীড়া জগতৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা প্ৰতিভাৱান ক্রীড়াবিদ তথা শিল্পীগৰাকীক কোনো এখন চৰকাৰেই উচিত প্ৰাপ্য মর্যাদা প্রদান নকৰাৰ লগতে কোনোধৰণৰ আর্থিক সাহায্যও আগবঢ়োৱা নাই। আনকি ক্রীড়া বা শিল্পী পেন্সনৰ বাবে চৰকাৰৰ লগত যোগাযোগ কৰিও আজিকোপতি কোনো ফল লাভ নকৰো বুলি আশীতাপৰ অনন্য সংস্কৃতি আৰু ক্ৰীড়া প্ৰতিভাৰ অধিকাৰী মালিতা গগৈ আক্ষেপ প্ৰকাশৰ কৰিছে।

ফলত এনেদৰে স্বকীয় শিল্পী আৰু ক্ৰীড়া প্ৰতিভাৰে অসম তথা জাতিক গৌৰৱান্বিত কৰা আশীতাপৰ মালিতা গগৈয়ে চৰকাৰৰ পৰা প্ৰাপ্য সন্মান কেতিয়াকৈ পাব- ই আজিৰ তাৰিখত শিল্পীগৰাকীৰ শুভাকাংক্ষী ৰাইজৰ বাবে লাখ টকীয়া প্ৰশ্ন। সেয়ে আমাৰ ৰাজ্য চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ অনন্য শিল্পী আৰু ক্ৰীড়া প্ৰতিভাৰ অধিকাৰী মালিতা গগৈক আগন্তুক দেশৰ স্বাধীনতা দিৱসত শিল্পী পেন্সন প্ৰদান কৰি উচিত সন্মান দিয়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in