দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি, তদন্তৰ বাবে গঠন বিশেষ অনুসন্ধানকাৰী দল…

দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি, তদন্তৰ বাবে গঠন বিশেষ অনুসন্ধানকাৰী দল…

ডিজিটেল ডেস্কঃ উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ক্ৰাইম ব্ৰান্সৰ দুটা বিশেষ অনুসন্ধানকাৰী দল। দিল্লী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বি কে সিঙৰ নেতৃত্বত তদন্ত কৰিব এই দুয়োটা দলে।

উল্লেখ্য যে, ৰাজ্যখনত সংঘটিত এই হিংসাত্মক ঘটনাত বৰ্তমানলৈ ৩৮জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। তদুপৰি প্ৰায় ৪৮জন লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে প্ৰায় এহাজাৰ চিচিটিভি ভুটেজ।

এই দুয়োটা বিশেষ অনুসন্ধানকাৰী দলৰ মুৰব্বী হ'ব দুজন ডিচিপি। এটা দলৰ মুৰব্বীডিচিপি জয় ট্ৰিকী আৰু আনটো দলৰ মুৰব্বী হ'ব ডিচিপি ৰাজেশ দেৱ। তদুপৰি দুয়োটা দলতেথাকিব চাৰিজনকৈ এচিপি। লগতে তিনিজনকৈ ইন্সপেক্টৰ, চাৰিজনকৈ ছাব ইন্সপেক্টৰ আৰুআৰক্ষী জোৱান থাকিব অনুসন্ধানকাৰী দল দুয়োটাত।

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে এক সংবাদমেলসম্বোধন কৰি কয় যে, এই হিংসাত্মকঘটনাত নিহত আৰু আহত লোকৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হ'ব। নিহত সকলৰপৰিয়ালক ১০ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহত লোকসকলৰ পৰিয়ালক ২ লাখ টকাকৈ এককালীনসাহায্য প্ৰদান কৰাৰ ঘোষণা কৰে কেজৰিৱালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in